আগন্তুক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ মেঘালয় সীমান্তবৰ্তী অঞ্চলত ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ লগতে নিৰাপত্তাৰ ভাব অব্যাহত ৰখাৰ প্রতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীৰ পূব গুৱাহাটী জিলাৰ বশিষ্ঠ সংমণ্ডলে বিভিন্ন সজাগতামূলক পদক্ষেপ গ্রহণ কৰি আহিছে। তাৰ অংশ হিচাপে আজি পূব গুৱাহাটী জিলাৰ বশিষ্ঠ সংমণ্ডল এলেকাত আৰক্ষীয়ে হাতে হাতে বেনাৰ, প্লে – কাৰ্ড লৈ পথ সঞ্চালনৰ লগতে এৰিয়া পথ সঞ্চালনৰ দ্বাৰাই এৰিয়া ডমিনেশ্যন অভিযান চলায়। মহানগৰ আৰক্ষীৰ বশিষ্ঠ সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত সত্যেন্দ্ৰ সিং হাজাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা বিশেষ দলে অঞ্চলটোত ৯ এপ্ৰিলৰ দিনা সকলো নাগৰিকে নিৰ্ভয়ে ভোটদান কৰিবলৈ ওলাই যাব পাৰে তাৰ আহ্বান জনোৱাৰ লগতে কোনো ধৰণৰ অপৰাধমূলক কার্যকলাপ সংঘটিত হ’বলৈ নাপায় বা সন্দেহজনক গতিবিধি ৰোধ কৰিব পৰা যায়, তাৰ বাবে পেট্রলিং আৰু তালাচী অভিযান চলায়। আৰক্ষী সূত্ৰই সদৰি কৰা অনুসৰি পথ সঞ্চালনৰ মূল উদ্দেশ্য হৈছে সাধাৰণ ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধি, সুৰক্ষাৰ অনুভূতি বৃদ্ধি কৰা আৰু কোনোধৰণৰ অবাঞ্ছিত ঘটনাৰ সম্ভাৱনা আগতেই প্রতিহত কৰা। এই পথ সঞ্চালনৰ সময়ত আৰক্ষীয়ে মেঘালয় সীমান্তৰ লগতে বশিষ্ঠ অঞ্চলৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰে আৰু স্থানীয় বাসিন্দাসকলৰ সৈতে মত-বিনিময়ো কৰে। স্থানীয় লোকসকলে আৰক্ষীৰ এই পদক্ষেপক স্বাগতম জনাইছে আৰু অঞ্চলটোত শান্তি-শৃংখলা বজাই ৰখাৰ ক্ষেত্রত এনে অভিযান অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে গুৱাহাটী মহানগৰৰ বশিষ্ঠ সংমণ্ডল এলেকাটোৰ বহু অংশ মেঘালয় সীমান্তৰ সংলগ্ন হৈ থকা বাবে আৰক্ষীয়ে অত্যন্ত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan