নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন

0 42

অসম এছ’চিয়েচন ফৰিদাবাদৰ উদ্যোগত যোৱা ১৮ এপ্রিলত নতুন দিল্লীত উলহ মালহৰে ৰঙালী বিহু উদযাপন কৰা হয়। ৰঙালী বিহুৰ কাৰ্যসূচীত অসমীয়া সমাজৰ সদস্যসকলৰ লগতে বিভিন্ন ঠাইৰ বহু লোক একত্ৰিত হৈ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে। আনহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ কেন্দ্রীয় জাহাজ, বন্দৰ সামুদ্ৰিক বিভাগৰ মন্ত্ৰী সর্বানন্দ সোণোৱালে ভাষণত অসমৰ বাহিৰতো অসমীয়া সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত এছ’চিয়েচনৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু দেশৰ সামাজিক ঐক্য সুদৃঢ় কৰাৰ ক্ষেত্ৰত সাংস্কৃতিক ঐক্যৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানটোত দিল্লীৰ স্থানীয় কাউন্সিলৰ বীৰেন্দ্ৰ ভাদানাৰ লগতে আন বহু বিশিষ্ট লোক উপস্থিতি আছিল।আনহাতে সাংস্কৃতিক
সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছিল অসমৰ জনপ্রিয় উদীয়মান শিল্পী দেৱা গীটচ আৰু মুম্বাইৰ শিল্পী ৰাগিনী কবাঠেকৰৰ মনোমুগ্ধকৰ সংগীত পৰিবেশন। লগতে জুবিন গাৰ্গৰ মূল বেণ্ডৰ সদস্য দণী হাজৰিকা আৰু গৌতম চক্ৰৱৰ্তীয়ে “জুবীন দা”ৰ স্মৃতি সজীৱ কৰি অনুষ্ঠানত এক বিশেষ আবেগিক পৰিৱেশ সৃষ্টি কৰে। অনুষ্ঠানত পৰম্পৰাগত বিহু নৃত্য, সংগীতানুষ্ঠান, শিশুসকল আৰু যুৱ প্ৰতিভাসকলৰ মনোমুগ্ধকৰ পৰিবেশন অনুষ্ঠিত হয়। ৰঙীন পৰম্পৰাগত পিন্ধনি, সজীৱ সংগীত আৰু উত্সাহে ফৰিদাবাদত একেবাৰে অসমৰ বিহুৰ পৰিৱেশ সৃষ্টি কৰে। ইয়াত অসমীয়া খাদ্যৰ ব্যৱস্থাও আছিল, যিয়ে উপস্থিত লোকসকলক অসমৰ ৰন্ধনশৈলীৰ সোৱাদ অনুভৱ কৰিবলৈ সুযোগ দিয়ে। এছোচিযেচনৰ সভাপতি হেমাংগ বৰুৱা আৰু সাধাৰণ সম্পাদক ৰাজীৱ শৰ্মাকে ধৰি কৰ্মকৰ্তাসকলে অনুষ্ঠানত ভাগ লৈ সাফল্যমণ্ডিত কৰি তোলা বাবে দিল্লীৰ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.