প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন

0 33

ঐতিহাসিক সোনাই পাৰৰ প্ৰচাৰ বিমুখ লেখক, অৱসৰপ্ৰাপ্ত শিক্ষক দেৱকান্ত বৰদলৈৰ শেহতীয়া গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড আজি এক ব্যতিক্ৰমী পৰিবেশত উন্মোচন কৰা হয়। এক প্ৰাকৃতিক পৰিবেশত বহু কেইগৰাকী বিশিষ্টব্যক্তিৰ উপস্থিতিত তথ্য সমৃদ্ধ গ্ৰন্থখনি উন্মোচন কৰে তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দিপেন্দ্ৰ নাথ বৰদলৈয়ে। গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে কয়- দেৱকান্ত বৰদলৈৰ ব্যক্তিগত প্ৰয়াস নৱ প্ৰজন্মৰ আদৰ্শ স্বৰূপ। বৰদলৈয়ে সোনাই নদীৰ বৃহত্তৰ অঞ্চলটোৰ ভিতৰুৱা গাঁওবোৰ, জাতি-জনগোষ্ঠীৰ ঐতিহ্য-পৰম্পৰা, সামাজিক ৰীতি-নীতি আটাইবোৰ খুচৰি অতীতৰ সন্ধানত গ্ৰন্থখনি ইতিমধ্যেই চাৰিটা খণ্ডত প্ৰকাশ কৰি পাঠক ৰাইজলৈ আগবঢ়াই দিছে। এয়া তেখেতৰ মহান আৰু সামাজিক প্ৰয়াস। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী নোমল বৰা, আব্দুছ ছাত্তাৰ, সাংবাদিক ৰাহুল দেৱ বৰদলৈ, জাজৰি শাখা সাহিত্য সভাৰ প্ৰাক্তণ সভাপতি নৰেন ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক সুৰেন চন্দ্ৰ দাস, সমাজকৰ্মী পুতুকন বৰদলৈ, শ্ৰীকান্ত হীৰা, পৰমানন্দ ডেকা, লিখাৰাম পুমা, শৰৎ ডেকা, শৈল্য ডেকাৰজা, সুৰুজ বৰদলৈ, পবিত্র বৰদলৈকে ধৰি স্থানীয় লোকসকল। অনুষ্ঠানৰ অন্তত দেৱকান্ত বৰদলৈয়ে পৰবৰ্তী সময়ত অতীতৰ সন্ধানত ৫ম খণ্ড টি প্ৰকাশৰ ইচ্ছা প্ৰকাশ কৰে।

খবৰ যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.