২০২৭ বৰ্ষত গুৱাহাটীৰ মাজমজিয়াত অনুষ্ঠিত হ’ব কাৰ্বি সকলৰ দেহাল কাৰ্চিদম উৎসৱ।কার্বি বাংঠে আছেম কেন্দ্রীয় সমিটি আৰু পশ্চিম গুৱাহাটী আঞ্চলিক বাংঠে আছেমৰ উদ্যোগত মিকিৰপাৰা চকৰ্দো দেহাল থানত পাচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে জাতীয় পৰম্পৰাৰে অনুষ্ঠিত হব ৩৫ তম্ কেন্দ্রীয় কার্বি দেহাল কাৰ্চিদম উৎসৱ।তদুপলক্ষে ১৯ এপ্ৰিলত দীপৰ বিলৰ কাষৰীয়া মিকিৰপাৰা চকৰ্দো দেহাল থানত এখনি পূর্ণাঙ্গ অভ্যর্থনা সমিতি গঠন কৰাৰ উদ্দেশ্য এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।কলিয়া ইংতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাখনৰ আঁত ধৰাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নৃপেন ইংতিয়ে। উক্ত সভাতে অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী,কাৰ্যকৰী সভাপতি হিচাপে ৰামচাৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি ভূপেন ইংতি আৰু সাধাৰণ সম্পাদক হিচাপে যুৱ সমাজকৰ্মী প্ৰমোদ ৰংপী, যুটীয়া সম্পাদক হিচাপে বলেশ্বৰ ৰংপী আৰু সৰ্বেশ্বৰ ইংতি, কোষাধ্যক্ষ হিচাপে নৰেন চন্দ্ৰ টেৰাংক লৈ এখনি শক্তিশালী সমিতি গঠন কৰা হয়। সভাত কাৰ্বি বাংঠে আছেমৰ উপ সভাপতি কাঞ্চন ৰংথুল,বিত্ত সম্পাদক নগেন বাংঠাই,কাৰ্বি আদৰবাৰৰ সভাপতি সম্পাদক ক্ৰমে দয়াৰাম কাথাৰ আৰু অজিত কাথাৰ,সদৌ অসম ট্ৰাইবেল সংঘৰ যুটীয়া সম্পাদক ধীৰেন ইংতি,কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক কৌশিক ৰংপীৰ লগতে আন আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।উল্লেখযোগ্য যে ২০২৭ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি দেহাল কাৰ্চিদম উৎসৱত সমূহৰ ৰাইজৰ উপস্থিতিত তথা সহায় সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ