গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আন্তঃসংবাদ মাধ্যম পাঞ্জা প্ৰতিযোগিতাৰ পৰিল সফল সমাপ্তি। প্ৰায় শতাধিক সাংবাদিক, সংবাদকৰ্মীৰ অংশগ্ৰহণৰে অনুষ্ঠিত প্ৰথম বাৰ্ষিক পাঞ্জা প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলা উভয়তে তিনিটাকৈ শাখাত অনুষ্ঠিত হয়। ৫৯ কেজিৰ অনুৰ্ধ, ৬০-৭৯ কেজি আৰু ৮০ কেজিৰ উৰ্দ্ধৰ খেলুৱৈয়ে তিনিটা শাখাত প্ৰতিদ্বন্দিতা আগবঢ়ায়। দিনজোৰা খেলৰ অন্তত অনুষ্ঠিত হয় বঁটা বিতৰণী তথা সামৰণি অনুষ্ঠান। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক পাঞ্জা সন্থাৰ সভাপতি কৈলাশ শৰ্মা, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, নিলয় ভট্টাচাৰ্য্য, অনুপম চক্ৰৱৰ্তীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি। সামৰণি সভাখনিত সভাপতিত্ব কৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি খগেন কলিতাই। তিনিটা শাখাত পুৰুষ-মহিলাৰ প্ৰতিযোগীৰ মুঠ ১২ গৰাকী স্থানপ্ৰাপকক একোটা ট্রফি, মেডেল আৰু একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। উক্ত বঁটা প্ৰদান অনুষ্ঠানখনি আঁত ধৰে জিপিচিৰ ক্ৰীড়া সাংবাদিক দীপাংকৰ দাসে। অনুষ্ঠানৰ শেষত কৃতজ্ঞতা তথা শলাগৰ শৰাই আগবঢ়াই জিপিচিৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী