তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰাৰ আমন্ত্ৰণমৰ্মে মঙলবাৰে দিছপুৰৰ কৰ ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল। এই বৈঠকত গুৱাহাটী প্ৰেছ ক্লাব তথা সাংবাদিক-সংবাদকৰ্মীসকলে সন্মুখীন হৈ অহা বিভিন্ন অভাৱ-অভিযোগ সন্দৰ্ভত বিস্তৃত আলোচনা হয়। বিশেষকৈ দীৰ্ঘদিন ধৰি ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত গঠন কৰি দিয়া সাংবাদিকৰ Press Accreditation Committee (PAC)ৰ বৈঠক অনুষ্ঠিত নোহোৱাত প্ৰেছ ক্লাবে আক্ষেপ প্ৰকাশ কৰি শীঘ্ৰে বৈঠকখন অনুষ্ঠিত কৰিবলৈ দাবী জনায়। তদুপৰি দীৰ্ঘদিনে বন্ধ হৈ থকা তথ্য আৰু জনসংযোগ বিভাগৰ মিডিয়া ফেল’শ্বিপ পুনৰ আৰম্ভ কৰা, সাংবাদিক কল্যাণ নিধি আঁচনি সুচাৰুৰূপে ৰূপায়ন কৰা আৰু সাংবাদিক পেঞ্চনৰ ধনৰাশিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ প্ৰেছ ক্লাবে দাবী জনায়। এই বৈঠকতে জনসংযোগ বিভাগৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ পৰিচয় পত্ৰ সন্দৰ্ভত হোৱা আলোচনা প্ৰসংগত মন্তব্য প্ৰকাশ কৰি আয়ুক্ত সচিবজনে সদৰি কৰে যে, শীঘ্ৰে পুৰণি নীতিত কিছু সংশোধন ঘটাই নতুন নীতি প্ৰস্তুতেৰে সাংবাদিকসকলক চৰকাৰী স্বীকৃতিপ্ৰাপ্ত পৰিচয় পত্ৰ প্ৰদানৰ পৰিকল্পনা কৰিছে বিভাগে। এই নীতি প্ৰস্তুতৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা কেতবোৰ পৰামৰ্শ বিচাৰে তথ্য আৰু জনসংযোগ বিভাগে। উল্লেখ্য যে, সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ এটা প্ৰতিনিধি দলে দিছপুৰৰ লোকসেৱা ভৱনত গুৱাহাটী প্ৰেছ ক্লাব তথা সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰাজিক লৈ ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল। মুখ্য সচিবক সাক্ষাতৰ ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ আলোচনাৰ বাবে তথ্য আৰু জনসংযোগ বিভাগে আমন্ত্ৰণ জনাই গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলক। মঙলবাৰৰ বৈঠকত প্ৰেছ ক্লাবৰ প্ৰতিনিধিসকলে উত্থাপন কৰা বিষয়সমূহত আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰাই যথেষ্ট ইতিবাচক সঁহাৰি জনোৱাৰ লগতে আগন্তুক দিনত পৰ্যায়ক্ৰমে অভাৱ-অভিযোগসমূহ দূৰ কৰাৰ আশ্বাস প্ৰদান কৰে। মঙলবাৰৰ বৈঠকত তথ্য আৰু জনসংযোগ বিভাগৰ হৈ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰয় আৰু কেইবাজনো বিষয়া উপস্থিত থাকে। আনহাতে গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ সভাপতি খগেন কলিতা, উপ-সভাপতি ক্ৰমে প্ৰদীপ বৰ্মন, ৰঞ্জিতা ৰাভা, সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকা, সহকাৰী সাধাৰণ সম্পাদক ক্ৰমে শ্বাহ আলম, পদ্মিনী হাজৰিকা, কোষাধ্যক্ষ হীৰক জ্যোতি টাইড, সাংগঠনিক সম্পাদক দিপাংকৰ কলিতা, সাংস্কৃতিক সম্পাদক সমীৰণ বৰঠাকুৰ আৰু কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে অনুপ বৈশ্য, ত্ৰিদীপ লহকৰ উপস্থিত থাকে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan