গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন

0 35

গুৱাহাটী বিশ্ববিদ্যালয়ে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত ৮ আৰু ৯ মে’ত বিশ্ববিদ্যালয় চৌহদত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাখন অনুষ্ঠিত হয় । পুৰুষ আৰু মহিলা দুয়োটা শাখাত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ ১৮খন বিশ্ববিদ্যালয়ৰ প্ৰায় ২০০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ মূল উদ্দেশ্য আছিল ৰাজ্যখনৰ বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ মাজত ক্ৰীড়াসুলভ মনোভাৱ, ঐক্য আৰু সুস্থ প্ৰতিযোগিতাৰ মানসিকতা গঢ়ি তোলা। ৮ মে’ত প্ৰতিযোগিতাখন উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই। উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অংকুৰ ভৰালী , গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা , বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিব অধ্যাপক সঞ্জয় সিংহ , আৰু ছাত্র কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি উপস্থিত আছিল। প্ৰতিযোগিতাৰ পুৰুষ শাখাত কটন বিশ্ববিদ্যালয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰথম ৰানাৰ্ছ আপ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দ্বিতীয় ৰানাৰ্ছ আপ স্থান লাভ কৰে। আনহাতে মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ে চেম্পিয়নৰ খিতাপ লাভ কৰে। অসম ডাউন টাউন বিশ্ববিদ্যালয়ে প্ৰথম ৰানাৰ্ছ আপ আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে দ্বিতীয় ৰানাৰ্ছ আপ স্থান অধিকাৰ কৰে। সামৰণি অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, অসম বেডমিণ্টন সন্থাৰ কোষাধ্যক্ষ গৌতম মহন্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি উপস্থিত থাকে। অনুষ্ঠানত বিজয়ী দল আৰু অংশগ্ৰহণকাৰীসকলৰ মাজত ট্ৰফী, পদক আৰু প্ৰমাণপত্ৰ বিতৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.