সাতমাইলত ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বহাগী উৎসৱ উদযাপন

0 23

গুৱাহাটী মহানগৰীৰ এক নম্বৰ ৱাৰ্ডৰ গাড়ীগাওঁকে ধৰি কাষৰীয়া অঞ্চলৰ এচাম যুবক-যুৱতীৰ প্রচেষ্টাত গঢ় লৈ উঠা ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত ১৬ মে’ত জালুকবাৰীৰ সমীপৰ সাতমাইলস্থিত শৰাইঘাট ৰংগমঞ্চত এদিনীয়া কাৰ্যসূচীৰে বহাগী উৎসৱ উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনেৰে বহাগী উৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। সন্ধিয়া স্থানীয় যুৱক-যুৱতী সকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ “মায়াবিনী ৰাতিৰ বুকুত” শীৰ্ষক গীতটোৰে মঞ্চ মুকলি কৰা হয়। অনুষ্ঠানত অঞ্চলটোলৈ অনবদ্য অৱদান আগবঢ়াই অহা বহু কৌগৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনোৱা হয় । নিশাৰ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গৰ “ৰৈ ৰৈ বিনালে” কথাছবিৰ গায়িকা ফেন্সী ৰাজকুমাৰী, ৰবি সিং কেবাজনো নবীন – প্ৰবীণ শিল্পীয়ে সংগীত, বিহু হুঁচৰিকে ধৰি জনগোষ্ঠীয় শিল্পীৰ দলে নৃত্য প্ৰদৰ্শন কৰি উপস্থিত দুই হাজাৰৰো অধিক দৰ্শকক আপ্লুত কৰে।

Leave A Reply

Your email address will not be published.