গৱেষণা হাইটছ ফাউণ্ডেচন আৰু পৰিবেশ সুৰক্ষা প্রশিক্ষণ তথা গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত শেহতীয়াকৈ অনুষ্ঠিত ভাৰত এনভাইৰনমেণ্টন্ট প্ৰগ্ৰেমৰ অধীনত গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে এক বিশেষ সম্মান লাভ কৰিছে।২০২৬ বৰ্ষৰ ভাৰত ছাষ্টেইনেবিলিটি কেম্পাছ মিছনৰ অংশ হিচাপে বিশ্ববিদ্যালয়খনক প্লেটিনাম ছাষ্টেইনেবল কেম্পাছ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। যোৱা ২২ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ অনুষ্ঠিত পৃথিৱী সপ্তাহৰ বিশেষ কাৰ্যসূচীৰ মাজতে এই ঘোষণা কৰা হয়। পৰিবেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি বিশ্ববিদ্যালয়খনে আগবঢ়োৱা সেৱা আৰু সজাগতাৰ স্বীকৃতি হিচাপে এই বঁটা আগবঢ়োৱা হৈছে। কেম্পাছৰ ভিতৰত অনুকূল পৰিবেশ গঢ়ি তোলাৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত প্রকৃতি প্রেম বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্রতিষ্ঠানটোৱে বিশেষ ভূমিকা পালন কৰিছে। প্রতিষ্ঠানটোৰ তৰফৰ পৰা জনোৱা হৈছে যে এই কামসমূহ সফল কৰি তোলাত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকল আৰু আয়োজক সমিতিয়ে বিশেষ পৰিশ্ৰম কৰিছিল। আগত দিনত গ্ৰীণ কেম্পাছ গঢ়ি তোলাৰ লক্ষ্যৰে বিশ্ববিদালয়খনে কাম কৰিব।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan