অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সহযোগত আৰু সদৌ অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ উদ্যোগত ২০২৫-২৬ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা সৰ্বমুঠ ৩৮ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। আজি সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত তীক্ষ্ণ মেধাসম্পন্ন আৰু প্ৰবল ইচ্ছাশক্তিৰে পৰিপূৰ্ণ এই ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগুৱাৰ অৰ্থে সঞ্চালক সুস্বপ্না কাকতিয়ে ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত বিভাগৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ উপস্হিত থাকে গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভবেন বৰ্মন আৰু গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নিৰূপমা ভট্টাচাৰ্য, চকু চিকিৎসক ডাঃ বিজুলী গোস্বামী, ৰটাৰী ক্লাবৰ সভাপতি ৰৱি দত্ত আৰু চি আৰ চি মবিলিটী ইনষ্ট্ৰাকটৰ সুপ্ৰিয়া ৰাভা। দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সুন্দৰকৈ পৰিৱেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সকলো প্ৰতিবন্ধকতা নেওচি সমাজত আন ছাত্ৰ-ছাত্ৰীৰ দৰে ই সুপ্ৰতিষ্ঠিত হোৱাৰ বাবে উপস্থিত প্ৰতিগৰাকী ব্যক্তিয়েই ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত সদৌ অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিতুৰাজ দাসৰ লগতে কেইবাগৰাকীও কৰ্ম -কৰ্তা তথা বিষয়ববীয়া উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan