ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু অসম গণ পৰিষদৰ ডিমৰীয়া বিধান পৰিষদৰ সহযোগত সোণাপুৰৰ বৰখাটত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত কেন্দ্ৰীয় ৰাভা দিৱসৰ অনুষ্ঠানত ডিমৰীয়াৰ বিশিষ্ট লোকশিল্পী ধীৰেশ্বৰ ৰংহাঙক এইবেলিৰ “কলাগুৰু বঁটা” প্ৰদান কৰা হয়। লোকসংগীতৰ ক্ষেত্ৰত সুদীৰ্ঘ কাল ধৰি আগবঢ়াই অহা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত শিল্পীগৰাকীক এই সন্মান আগবঢ়োৱা হয়।উল্লেখ্য যে, বিগত প্ৰায় দুটা দশক ধৰি লোকসংগীতৰ সাধনাৰ সমান্তৰালভাৱে কৃষিকাৰ্যত মনোনিৱেশ কৰি অতি সাধাৰণ জীৱন-যাপন কৰি অহা ধীৰেশ্বৰ ৰংহাঙে কোনোদিনেই বঁটা-বাহন বা প্ৰচাৰৰ পিছত নদৌৰি নীৰৱে নিজৰ শিল্পচৰ্চা অব্যাহত ৰাখিছে। গ্ৰাম্য জীৱনৰ সৰলতা আৰু লোকসংস্কৃতিৰ প্ৰতি গভীৰ অনুৰাগেৰে পৰিচালিত শিল্পীগৰাকীৰ সুমধুৰ কণ্ঠই ডিমৰীয়া অঞ্চলৰ লগতে বৃহত্তৰ সমাজতো এক বিশেষ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। এনে এগৰাকী নিৰহংকাৰ আৰু স্বভাৱ-শিল্পীয়ে অসম যুৱ পৰিষদৰ এই ৰাজহুৱা স্বীকৃতি লাভ কৰি যথেষ্ট আনন্দিত হৈ পৰে। শিল্প-সংস্কৃতিৰ সংৰক্ষণ আৰু থলুৱা ঐতিহ্যৰ বিকাশত নীৰৱে আত্মনিয়োগ কৰি অহা শিল্পীগৰাকীক এই সন্মান আগবঢ়োৱাৰ বাবে বিভিন্ন দল-সংগঠন আৰু শুভাকাংক্ষী সকলে অসম যুৱ পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছে। ইপিনে আজি বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বে কাৰ্যসূচী অনুসৰি পুৱা বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ জৰিয়তে অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম গণ পৰিষদৰ ডিমৰীয়া বিধান পৰিষদৰ সভাপতি শ্ৰীকান্ত ডেকাই। ইয়াৰ পিছতে স্থানীয় মহিলাসকলৰ দ্বাৰা নাম-প্ৰসংগ পৰিৱেশন কৰা হয়। বিষ্ণু ৰাভাৰ স্মৃতিত আয়োজিত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতাও অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাসমূহত অঞ্চলটোৰ বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰি তোলে।পাছত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতু গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাস, অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি হৃষিকেশ শৰ্মা, সাধাৰণ সম্পাদক দিব্যজ্যোতি ৰাজখোৱা, কেন্দ্ৰীয় সমিতিৰ আন কেইবাগৰাকীও বিষয়ববীয়া তথা স্থানীয় অগপ নেতা-কৰ্মীসকল উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত বক্তাসকলে বিষ্ণু ৰাভাৰ আদৰ্শ আৰু চিন্তাধাৰাক সোঁৱৰণ কৰি অসমৰ লোক-সংস্কৃতি, থলুৱা কলা আৰু ভাষা-সাহিত্যৰ সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত নতুন প্ৰজন্মক অধিক সক্ৰিয়ভাৱে আগবাঢ়ি অহাৰ আহ্বান জনায়। ৰাভা দিৱসৰ বিশেষ ক্ষণত ডিমৰীয়াৰ এগৰাকী নীৰৱ সাধক, মাটিৰ মানুহ আৰু লোকসংস্কৃতিৰ একনিষ্ঠ সাধক ধীৰেশ্বৰ ৰংহাঙক “কলাগুৰু বঁটা” প্ৰদানৰ কাৰ্যক সমগ্ৰ অঞ্চলজুৰি সন্তোষৰ সৃষ্টি কৰাৰ লগতে লোকশিল্পৰ প্ৰতি আত্মনিয়োগ কৰি থকা শিল্পীসকলৰ বাবে এক অনুপ্ৰেৰণাৰ সৃষ্টি কৰিছে।