গুৱাহাটীৰ পশ্চিম বৰাগাওঁস্থিত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্রতিষ্ঠান চমুকৈ আই এ এছ এছ টিত ৯ জুলাইৰ পৰা ১১ জুলাইলৈ তিনিদিনীয়া কার্যসূচীৰে প্লাজমা ছায়েন্স ছ’চাইটি অৱ ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ প্লাজমা পদার্থ বিজ্ঞান গৱেষকৰ দ্বাদশ সংখ্যক অধিৱেশনখন প্লাজমা ছায়েন্স ছ’চাইটি অৱ ইণ্ডিয়া আৰু আই এ এছ এছ টিৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’ব। অধিৱেশনৰ মূল উদ্দেশ্য হৈছে প্লাজমা পদার্থ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত কাম তথ। অধ্যয়ন কৰি থকা স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰী, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু পোষ্ট-ডক্টৰেল ফেল’সকলৰ বাবে এক বিশেষ মঞ্চ সৃষ্টি কৰা । য’ত তেওঁলোকে নিজৰ অধ্যয়ন তথ। গৱেষণাৰ ফলাফল বিনিময় কৰাৰ লগতে পাৰস্পৰিক বৈজ্ঞানিক আলোচনা আৰু সহযোগিতাৰ জৰিয়তে গৱেষণামূলক কাম-কাজ আগুৱাই নিব পাৰিব। অধিৱেশনত দেশৰ আমন্ত্ৰিত বিশিষ্ট প্লাজমা পদার্থ বিজ্ঞানীসকলে বক্তৃতা প্রদান কৰিব।অধিবেশনখনত প্লাজমা পদার্থ বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন গুৰুত্বপূর্ণ বিষয় বিশেষকৈ মৌলিক প্লাজমা পদার্থ বিজ্ঞান (তত্ত্ব আৰু পৰীক্ষা), শক্তি আৰু মহাকাশৰ বাবে প্লাজমা, পৰিৱেশ আৰু স্বাস্থ্যৰ বাবে প্লাজমা, প্লাজমা-ভিত্তিক পদার্থ প্ৰক্ৰিয়াকৰণ, প্লাজমা ডায়েগনষ্টিকছ, প্লাজমা ছিমুলেচন, বিশেষধর্মী প্লাজমা (ডাষ্টি প্লাজমাকে ধৰি), উদ্যোগিক প্লাজমা প্রয়োগ, লেজাৰ প্লাজমা, নিউক্লিয়াৰ ফিউজন আৰু প্ৰযুক্তি, তথা মহাকাশ আৰু জ্যোতির্বৈজ্ঞানিক প্লাজমা আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব। ইয়াৰ উপৰিও এই অধিবেশখনে যুৱ গৱেষকসকলক বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে প্লাজমা বিজ্ঞানৰ শেহতীয়া বিকাশৰ বিষয়ে জানিবলৈ আৰু এই ক্ষেত্ৰখনৰ গৱেষণা আৰু অধিক সম্প্ৰসাৰণ আৰু শক্তিশালী কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ প্রদান কৰিব।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan