গুৱাহাটীৰ পশ্চিম বৰাগাওঁস্থিত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্রতিষ্ঠান চমুকৈ আই এ এছ এছ টিত ৯ জুলাইৰ পৰা ১১ জুলাইলৈ তিনিদিনীয়া কার্যসূচীৰে প্লাজমা ছায়েন্স ছ’চাইটি অৱ ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ প্লাজমা পদার্থ বিজ্ঞান গৱেষকৰ দ্বাদশ সংখ্যক অধিৱেশনখন প্লাজমা ছায়েন্স ছ’চাইটি অৱ ইণ্ডিয়া আৰু আই এ এছ এছ টিৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’ব। অধিৱেশনৰ মূল উদ্দেশ্য হৈছে প্লাজমা পদার্থ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত কাম তথ। অধ্যয়ন কৰি থকা স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰী, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু পোষ্ট-ডক্টৰেল ফেল’সকলৰ বাবে এক বিশেষ মঞ্চ সৃষ্টি কৰা । য’ত তেওঁলোকে নিজৰ অধ্যয়ন তথ। গৱেষণাৰ ফলাফল বিনিময় কৰাৰ লগতে পাৰস্পৰিক বৈজ্ঞানিক আলোচনা আৰু সহযোগিতাৰ জৰিয়তে গৱেষণামূলক কাম-কাজ আগুৱাই নিব পাৰিব। অধিৱেশনত দেশৰ আমন্ত্ৰিত বিশিষ্ট প্লাজমা পদার্থ বিজ্ঞানীসকলে বক্তৃতা প্রদান কৰিব।অধিবেশনখনত প্লাজমা পদার্থ বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন গুৰুত্বপূর্ণ বিষয় বিশেষকৈ মৌলিক প্লাজমা পদার্থ বিজ্ঞান (তত্ত্ব আৰু পৰীক্ষা), শক্তি আৰু মহাকাশৰ বাবে প্লাজমা, পৰিৱেশ আৰু স্বাস্থ্যৰ বাবে প্লাজমা, প্লাজমা-ভিত্তিক পদার্থ প্ৰক্ৰিয়াকৰণ, প্লাজমা ডায়েগনষ্টিকছ, প্লাজমা ছিমুলেচন, বিশেষধর্মী প্লাজমা (ডাষ্টি প্লাজমাকে ধৰি), উদ্যোগিক প্লাজমা প্রয়োগ, লেজাৰ প্লাজমা, নিউক্লিয়াৰ ফিউজন আৰু প্ৰযুক্তি, তথা মহাকাশ আৰু জ্যোতির্বৈজ্ঞানিক প্লাজমা আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব। ইয়াৰ উপৰিও এই অধিবেশখনে যুৱ গৱেষকসকলক বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে প্লাজমা বিজ্ঞানৰ শেহতীয়া বিকাশৰ বিষয়ে জানিবলৈ আৰু এই ক্ষেত্ৰখনৰ গৱেষণা আৰু অধিক সম্প্ৰসাৰণ আৰু শক্তিশালী কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ প্রদান কৰিব।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী