ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ

0 7

ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া হিচাপে মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে পহিলা জুলাইত কাৰ্যভাৰ গ্ৰহণ কৰিছে। উত্তৰ পূব মণ্ডলৰ বিদায়ী ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক জ্ঞান বাত্ৰাই ৩০ জুনত অৱসৰ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ গুৱাহাটীৰ বৰঝাৰস্থিত মুখ্য কাৰ্যালয়ত বিত্ত বিভাগৰ মহা প্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মনোজ কুমাৰ শৰ্মা বৰদলৈক ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ মুখ্য কাৰ্যালয়ে দক্ষতা , যোগ্যতা আৰু অভিজ্ঞতাৰ ভিত্তিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিছিল। উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য শাখাত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী উৰ্ত্তীণ হোৱা মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কষ্ট এণ্ড মেনেজমেন্ট একাউণ্টছ ( চি এম এ ) বিষয়টো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। ১৯৯১ চনৰ তিনি ডিচেম্বৰত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণত বিত্ত বিভাগত এজন বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰা বৰদলৈয়ে বিগত প্ৰায় ৩৫ বছৰীয়া চাকৰিকালত প্ৰাধিকৰণৰ নতুন দিল্লীস্থ মুখ্য কাৰ্যালয়ৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি দেশৰ কেবাখনো ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰত বিভিন্ন পদবীত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল । আনকি ইয়াৰ বাবে তেওঁক প্ৰাধিকৰণৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰশংসা পত্ৰয়ো লাভ কৰিছিল। আনহাতে তেওঁ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক হিচাপে যোগদান কৰাৰ পাছত প্ৰাধিকৰণ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন এয়াৰপৰ্ট অথৰিটী এম্পলইজ ইউনিয়নৰ উত্তৰ পূব মণ্ডল কমিটিৰ সভাপতি বিজিত দাস আৰু সাধাৰণ সম্পাদক পৱিত্ৰ দাসৰ নেতৃত্বত ইউনিয়নৰ এটা সঁজাতি দলে তেওঁক কাৰ্যালয় কক্ষত সাক্ষাৎ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। ইউনিয়নে বৰদলৈৰ নেতৃত্বত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যত থকা আটাইকেইটা বিমানবন্দৰৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধনৰে বিমান যাতায়াতৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা হব বুলি আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে গুৱাহাটীৰ বেলতলাৰ বনগাওঁ নিবাসী মনোজ কুমাৰ শৰ্মা বৰদলৈ সৰুৰে পৰা মেধাৱী ছাত্ৰ হিচাপে সুনাম থকাৰ লগতে বিভিন্ন সামাজিক – সাংস্কৃতিক কাম-কাজৰ লগতো ওতপ্ৰোতভাৱে জড়িত হৈ আছে।

Leave A Reply

Your email address will not be published.