অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ

0 33

উদ্যোগ,বাণিজ্য,ৰাজহুৱা প্ৰতিষ্ঠান,সাংস্কৃতিক পৰিক্ৰমা আৰু প্ৰাচ্য ভিত্তিক কাৰ্য নীতি বিভাগৰ মন্ত্ৰী বিমল বড়াই আজি ইয়াৰ কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ বাণিজ্য ভৱনত অনুষ্ঠিত বাণিজ্য পৰিষদৰ এক বৈঠক অংশগ্ৰহণ কৰে।
দেশৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পিয়ুষ গোৱেলৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ঘাইকৈ ভাৰতৰ সামগ্রী কিধৰণে বিদেশলৈ ৰপ্তানি কৰিব পৰা যায়, দেশৰ ঔদ্যোগিক পৰিৱেশ শক্তিশালী কৰা আৰু ৰপ্তানি বৃদ্ধিৰ বিষয় সমূহ আলোচনা কৰা হয়।
বৈঠকত অংশ গ্ৰহণ কৰি ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বড়াই ইতিমধ্যে জি আই টেগ লাভ কৰা গামোচা আৰু আৰণাই বিদেশলৈ ৰপ্তানিৰ বাবে অসমত এটা এক্সপোর্ট ফেচিলিটেচন চেন্টাৰ স্হাপনৰ বাবে আহ্বান জনায়।
কন্টেনাৰৰ অভাৱত গুৱাহাটীৰ পৰা চাহ বিদেশলৈ পঠিওৱাত অসুবিধাৰ ফলত কলকাতাৰ পৰা পঠিয়াব লগীয়া হোৱাৰ কথা
উল্লেখ কৰি কন্টেনাৰ বৃদ্ধিৰ বাবেও আহ্বান জনায়।
বিদেশত প্ৰভূত চাহিদা থকা আগৰ কাঠ অসমৰ পৰা এতিয়ালৈ মাত্ৰ ১১২ কিলোগ্ৰাম হে ৰপ্তানি কৰিব পৰাৰ কথা বৈঠকত উল্লেখ কৰি মন্ত্ৰী বড়াই ইয়াৰ ৰপ্তানি সূচল কৰাৰ বাবে ডিজিএছ টি অনুজ্ঞাপত্ৰ আৰু অনুমতি ব্যৱস্থা সূচল কৰাৰ বাবেও আহ্বান জনোৱাৰ লগতে অসমৰ আৰু অধিক সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ সহযোগিতা বিচাৰে।তদুপৰি ভব্য আঁচনিৰ অধীনত অসমতো প্লাগ এণ্ড প্লে ঔদ্যোগিক পাম স্হাপনৰ বাবে অনুমোদন দিবলৈও মন্ত্ৰী বড়াই কেন্দ্রীয় চৰকাৰক অনুৰোধ জনায়।
কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ ৰাজ্য মন্ত্ৰী* *জিতিন প্ৰধানকে ধৰি দপ্তৰৰ শীৰ্ষ বিষয়া সকল উপস্থিত থকা বৈঠক খনত কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পিয়ুষ গোৱেলে এই বছৰ ভাৰতে ১ত্ৰিলিয়ন ডলাৰ মূল্যৰ সামগ্রী ৰপ্তানি কৰিব বুলি প্ৰকাশ কৰে। এতিয়ালৈকে ৰপ্তানি ১৫শতাংশ বৃদ্ধি হোৱা বুলিও তেওঁ জনায়।
বিশ্বৰ৩৮খন দেশৰ সৈতে ভাৰতৰ মুক্ত বাণিজ্যিক চুক্তি সম্পাদন হোৱাত এই দেশ সমূহৰ বজাৰ ভাৰতৰ বাবে মুকলি হোৱা বুলি উল্লেখ কৰি গোৱেলে ইয়াকো কয় যেভাৰত এতিয়া এই দেশ সমূহৰ বিশ্বস্ত সহযোগীত পৰিণত হৈছে।আগন্তুক দিনত ৰপ্তানিয়ে দেশৰ অৰ্থনৈতিক ব্যৱস্হাক এক নতুন গতি দিব বুলিও তেওঁ কয়।

Leave A Reply

Your email address will not be published.