অসমৰ কৰ্মৰত সাংবাদিকসকলৰ সকলো প্ৰকাৰৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এখন সুকীয়া আইন প্ৰণয়নৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাইছে অসম বাৰ্তাজীৱী সংঘই৷ আজি দিছপুৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি সংঘৰ এটা প্ৰতিনিধি দলে ৰাজ্যখনৰ সাংবাদিকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰি সাংবাদিকৰ সকলো প্ৰকাৰৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অসম চৰকাৰক এখন সুকীয়া আইন প্ৰণয়নৰ দাবী জনায়৷ অসম বাৰ্তাজীৱী সংঘৰ উপদেষ্টা মুকুট ৰাজ শৰ্মা, উপসভাপতি ভাস্কৰ শৰ্মা, সাধাৰণ সম্পাদক অঞ্জন কুমাৰ শৰ্মা, কোষাধ্যক্ষ নৱনীতা কলিতা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তৰণীচৰণ কলিতাক লৈ গঠিত সংঘৰ প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীৰ হাতত ৰাজ্যখনৰ সাংবাদিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবী জনাই এখন বাৰ দফীয়া স্মাৰকপত্ৰও প্ৰদান কৰে৷ এই স্মাৰকপত্ৰখনত সাংবাদিকৰ বাবে এখন সুকীয়া আইন প্ৰণয়নৰ লগতে কৰ্মৰত সাংবাদিকসকলৰ বাবে প্ৰস্তাৱিত স্বাস্থ্য বীমা আঁচনিখন কাৰ্যকৰী কৰা, মাঝিথিয়া দৰমহা ব’ৰ্ডৰ পৰামৰ্শৰ ভিত্তিত অসমৰ সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত সাংবাদিক-সংবাদকৰ্মীৰ প্ৰাপ্য আদায়ৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা, অসমত অৱসৰপ্ৰাপ্ত সাংবাদিকক দিয়া পেঞ্চনৰ ধনৰাশিৰ পৰিমাণ মাহেকত বৰ্তমানৰ ৮,০০০ টকাৰ পৰা কমেও ২৫,০০০ টকালৈ বৃদ্ধিৰ লগতে হিতাধিকাৰীৰ সংখ্যাও বৃদ্ধি কৰা, সাংবাদিক চিকিৎসা কল্যাণ আঁচনিৰ অধীনত সাংবাদিকক চিকিৎসাৰ বাবে দিয়া ধনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে চিকিৎসাধীন অৱস্থাতে সেই ধন আদায়ৰ ব্যৱস্থা কৰা, জনসংযোগ বিভাগৰ প্ৰেছ এক্ৰিডিয়েচন কমিটী আৰু Journalist’s Medical Welfare Scheme Selection Committeeত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি-সম্পাদকক স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা, দূৰণিবটীয়া ৰেলগাড়ীত জনসংযোগ বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ বাবে প্ৰায় দুই শতাংশ আসন সংৰক্ষণ আৰু টিকত ক্ৰয়ৰ ক্ষেত্ৰত ৰেহাইৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত সাংবাদিকৰ বাছ ভাড়াৰ ক্ষেত্ৰত পূৰ্বতে থকা ৰেহাইৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা, জি এম চি এইচকে ধৰি ৰাজ্যখনৰ প্ৰতিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ চিকিৎসাত ৰেহাইৰ লগতে চিকিৎসা ব্যৱস্থা সৰলীকৰণ কৰা, কৰ্মৰত সাংবাদিকে যাতে বিচাৰিলেই সহায় লাভ কৰে তাৰ বাবে অসম আৰক্ষীৰ এটি টোল-ফ্ৰী নম্বৰ মুকলি কৰা, গুৱাহাটীত এটা জাৰ্নেলিষ্ট গেষ্ট হাউছ নিৰ্মাণৰ ব্যৱস্থা কৰা, সাংবাদিকৰ মেধাৱী সন্তানক অধ্যয়নৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ ব্যৱস্থা কৰা আৰু অসমত বন্ধ হৈ থকা সাংবাদিকৰ বাবে মিডিয়া ফেল’শ্বিপ, গুডউইল মিছন, ‘One Time Grant for Media Personality’ পুনৰ প্ৰৱৰ্তন কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনোৱা হয়৷ গুৱাহাটী প্ৰেছ একাডেমীৰ প্ৰস্তাৱিত প্ৰকল্প নিৰ্মাণৰ কাম-কাজো আগবঢ়াই নিবলৈ সংঘই মুখ্যমন্ত্ৰীক অনুৰোধ জনায়৷ বাৰ্তাজীৱী সংঘৰ প্ৰতিনিধি দলটোৰে সৌহাৰ্দপূৰ্ণ আলোচনাত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰাজ্যখনৰ সাংবাদিকসকলৰ সমস্যাসমূহ সমাধানত ইতিবাচক পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ হাততেই এইবাৰ জনসংযোগ বিভাগ আছে আৰু অতি সোনকালে বিভাগটোৰ কাম-কাজৰ লগতে বাৰ্তাজীৱী সংঘই প্ৰদান কৰা স্মাৰকপত্ৰৰ দাবীসমূহৰ বিষয়ে বিভাগীয় উচ্ছপদস্থ বিষয়াৰ লগত আলোচনা কৰি পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ মুখ্যমন্ত্ৰীগৰাকীৰ এনে আন্তৰিকতাপূৰ্ণ পদক্ষেপক অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূধন মেধী আৰু সাধাৰণ সম্পাদক অঞ্জন কুমাৰ শৰ্মাই আদৰণি জনাই তেওঁৰ নেতৃত্বত ৰাজ্যখনৰ সাংবাদিকসকলৰ মৌলিক সমস্যাসমূহ সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে৷ উল্লেখ্য যে সংঘৰ প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব আৰু জনসংযোগ বিভাগৰ সঞ্চালকগৰাকীকো আজি সাক্ষাৎ কৰি ৰাজ্যৰ সাংবাদিকসকলৰ সমস্যা সমাধানৰ বিষয়টো আলোচনা কৰে৷
Trending
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ
- আই এ এছ এছ টি, গুৱাহাটীত প্লাজমা পদার্থবিজ্ঞান গৱেষকৰ তিনিদিনীয়া অধিৱেশনৰ আয়োজন
- তিনিচুকীয়াত স্বাস্থ্য সেৱাৰ পৰ্যালোচনা, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নতুন ৰক্ত ভাণ্ডাৰৰ শুভ উদ্বোধন
- অসম চৰকাৰৰ বন বিভাগৰ ৰাজহ বৃদ্ধিত অৰিহণা যোগাই আহিছে এমট্রনৰ পৰ্টেলে – অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য প্ৰযুক্তি বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ
- BRPNNL Delegation Felicitated by BRO for Support in Vikramshila Setu Restoration
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ