অসমৰ উদ্যোগ খণ্ডত আত্মনিৰ্ভৰশীলতা, দক্ষতা বিকাশ, গৱেষণা, প্রশিক্ষণ, উদ্ভাৱনক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ প্রতিষ্ঠানৰ অধীনস্থ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্রশাসন বিভাগৰ মাজত ২৩ জুলাইত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। উল্লেখযোগ্য যে উক্ত চুক্তিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে প্রয়োজনীয় জ্ঞান আৰু দক্ষতা প্রদান, প্রশিক্ষণ, মেণ্টৰশ্বিপ, গৱেষণা, পৰামৰ্শমূলক কাৰ্যসূচী, কর্মশালা, আলোচনাচক্র আৰু অন্যান্য সহযোগিতামূলক কার্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত ‘বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ’ব। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শর্মা, ব্যৱসায় প্রশাসন বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মনশ্ৰী মহন্ত, অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সঞ্চালক শান্তনু দেউৰী, উপাচাৰ্যৰ সচিব তথা জনসম্পৰ্কৰক্ষী বিষয়া ডঃ মৃণালজ্যোতি ডেকা, ডঃ সমীৰ সৰকাৰ, আইন বিষয়া দীপক তালুকদাৰ , কোষাধ্যক্ষকে ধৰি কেবাজনো বিষয়া উপস্থিত আছিল ।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram