প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে

0 29

বানপানী অসমৰ এটা প্ৰধান সমস্যা। প্ৰতি বছৰে হোৱা বানপানীয়ে কেৱল মানুহৰ জীৱন আৰু সম্পত্তিৰ ক্ষতি নকৰে, ই কৃষি, পশুধন, পৰিৱেশ আৰু যোগাযোগ ব্যৱস্থাকো গভীৰভাৱে ক্ষতিগ্ৰস্ত কৰে।হাজাৰ হাজাৰ পৰিয়ালৰ জীৱন-জীৱিকা বানৰ পানীত বিপৰ্যস্ত হয়।

ইতিহাসৰ পাত খুচৰি চালে দেখা যায় যে অসমৰ বানপানীৰ উল্লেখ আহোম ৰাজত্বকালৰ পৰাই পোৱা যায়। অৰ্থাৎ বান অসমৰ বাবে নতুন সমস্যা নহয়। কিন্তু বৰ্তমান সময়ত প্ৰশ্ন উত্থাপন হৈছে—আগৰ তুলনাত অসমৰ বানপানীৰ প্ৰকোপ বৃদ্ধি পাইছে নেকি?

বিশেষজ্ঞসকলৰ মতে, বৰ্তমান বানপানীৰ তীব্ৰতা আৰু ক্ষয়-ক্ষতি বৃদ্ধি পোৱাৰ আঁৰত বহুতো পৰিৱেশগত আৰু পাৰিপাৰ্শ্বিক কাৰক জড়িত হৈ আছে। জলবায়ু পৰিৱৰ্তন, জলাশয় পুতি পেলোৱা, বনাঞ্চল ধ্বংস আৰু অনিয়ন্ত্ৰিত নগৰীকৰণে প্ৰাকৃতিক ভাৰসাম্য বিঘ্নিত কৰিছে।

বহু বিশেষজ্ঞই আগতেই সতৰ্ক কৰি দিছিল যে কেৱল নদী খনন বা মথাউৰি নিৰ্মাণে বানপানীৰ স্থায়ী সমাধান দিব নোৱাৰে। ইয়াৰ বাবে প্ৰয়োজন বৈজ্ঞানিক চিন্তা-চৰ্চা আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ।

ৰুড়কীত কৰ্মৰত জলসম্পদ বিশেষজ্ঞ নয়ন শৰ্মাই অসমৰ বানপানী সন্দৰ্ভত উল্লেখ কৰিছে যে ব্ৰহ্মপুত্ৰ নদীত বছৰি বৃহৎ পৰিমাণৰ পলিমাটি (sediment) জমা হয়। এই পলিমাটি নিয়ন্ত্ৰণ নকৰিলে খনন কৰা অংশ পুনৰ ভৰি পৰাৰ সম্ভাৱনা থাকে। সেয়েহে তেওঁ catchment treatment, বন সৃজন আৰু sediment managementৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

অসমৰ বান সমস্যাৰ সমাধানৰ বাবে কেৱল তৎকালীন ব্যৱস্থা নহয়, প্ৰয়োজন এক সমন্বিত পৰিকল্পনা। নদী ব্যৱস্থাপনা, মথাউৰি উন্নয়ন, বন সংৰক্ষণ, জলাশয় ৰক্ষা, বান সহনশীল আন্তঃগাঁথনি নিৰ্মাণ আৰু চৰকাৰ-জনসাধাৰণৰ সহযোগিতাই এই সমস্যাৰ ক্ষতি হ্ৰাস কৰিব পাৰে।

অসমৰ বানপানী সম্পূৰ্ণৰূপে বন্ধ কৰা সম্ভৱ নহ’ব পাৰে,কিন্তু বিজ্ঞানভিত্তিক ব্যৱস্থা আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধতাই ইয়াৰ ভয়াৱহতা বহু পৰিমাণে কমাব পাৰে।অন্যথা, অসমৰ ভৱিষ্যৎ বানপানীৰ পুনৰাবৃত্ত সমস্যাৰ মাজত অধিক বিপদাপন্ন হৈ পৰিব।

Leave A Reply

Your email address will not be published.