অসম চৰকাৰে দেশ বিদেশত সম্প্ৰতি সমাদৃত হোৱা আৰু স্বাস্থ্যৰ বাবে উপযোগী ‘কাজিনেমু’ক ইতিমধ্যে অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছে। আনকি দেশৰ বহু ৰাজ্যৰ লগতে বিদেশৰো কেবাখনো দেশত বিগত সমযচোৱাত ‘কাজিনেমু’ বিমানযোগে গুৱাহাটীৰ পৰা ৰপ্তানি কৰা হৈছে। আনহাতে ৰাজ্যৰ কৃষকসকলে যাতে ‘কাজিনেমু’ৰ খেতি কৰি পৰৱৰ্তী সময়ত ৰপ্তানী কৰি আৰ্থিক ভাবে স্বাবলম্বী হব পাৰে তাৰ বাবে অসম ৰাজ্যিক সমবায় ফেডাৰেচন তথা ৰাষ্ট্ৰীয় ৰপ্তানি সমবায় লিমিটেডৰ পৃষ্ঠপোষকতাত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ উদ্যোগত ২৯ জুলাইত অসমৰ ৰাজ্যিক ফল ‘কাজিনেমু’ৰ ৰপ্তানিযোগ্য প্ৰস্তুতি বিষয়ে এখন সজাগতা সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।এই উপলক্ষে অনুষ্ঠিত সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচিত ৬০ জন কৃষকক প্ৰশিক্ষণ আৰু পাঠদান কৰে ৰাষ্ট্ৰীয় ৰপ্তানি সমবায় লিমিটেডৰ ৰীচা শৰ্মা, আয়ুচি নায়ক, অংকিতা সেন আৰু অসম ৰাজ্যিক সমবায় ফেডাৰেচনৰ হিমাংশু শেখৰ শৰ্মাই । কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ডঃ সোণমইনা ভূঞাই সভাত ভাগ লৈ ভাষণ প্ৰসংগত বিজ্ঞানসন্মত পদ্ধতিৰে উন্নত মানৰ নেমুখেতি কৰি কিদৰে আৰ্থিক ভাবে লাভৱান হ’ব পাৰে তাৰ আলোকপাত কৰে আৰু ৰপ্তানিযোগ্য কৰাত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যানশস্যৰ বিশেষজ্ঞা ডঃ দৰদী প্ৰিয়ম দুৱৰাই আঁত ধৰা সভাৰ শেষত ভাগ লোৱা প্ৰশিক্ষাৰ্থীসকলৰ মাজত মানপত্র বিতৰণ কৰা হয়।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন