এইচ ডি এফ চি বেংকে ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ‘ভিজিল আন্টি ছেইজ – লেজিনেছ ছেভ’ নামৰ এক নতুন জালিয়াতি সজাগতা অভিযান আৰম্ভ কৰিছে।
এই অভিযানৰ মূল উদ্দেশ্য হৈছে ডিজিটেল লেনদেনৰ সময়ত মানুহক তাৎক্ষণিকতাৰে কোনো সিদ্ধান্ত নলৈ অলপ সময় ৰৈ ভাবিবলৈ উৎসাহিত কৰা। অভিযানটোৰ মূল বাৰ্তা হৈছে—জালিয়াতিৰ সন্দেহ হ’লে অলপ সময় ৰৈ যোৱাটোৱেও আপোনাক সুৰক্ষিত কৰি ৰাখিব পাৰে।
এই সাতটা খণ্ডৰ কমেডি অনুষ্ঠানটো ১৫ আগষ্ট, ২০২৬ৰ পৰা কেৱল জিঅ’হটষ্টাৰ -ত উপলদ্ধ হ’ব। অনুষ্ঠানটোত জনপ্ৰিয় ষ্টেণ্ড-আপ কমেডিয়ান আকাশ গুপ্তা, গৌৰৱ কাপুৰ, ৰামকুমাৰ নটাৰাজন, হাৰ্স গুজৰাল, চনু বেনুগোপাল, মুনাৱাৰ ফাৰুকী আৰু কেনি চেবেস্টিয়ান-ৰ লগতে এইচ ডি এফ চি বেংকৰ ডিজিটেল জালিয়াতিৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা ছ’চিয়েল মিডিয়া চৰিত্ৰ ভিজিল আন্টি -ও থাকিব।
প্ৰৱঞ্চক সকলে সাধাৰণতে ভয়, চাপ আৰু তাৎক্ষণিকতাৰ পৰিৱেশ সৃষ্টি কৰি মানুহক নভবাকৈ তৎক্ষণাত সিদ্ধান্ত ল’বলৈ বাধ্য কৰে। তেওঁলোকে ভুৱা অটিপি বিচৰা, ফিচিং লিং পঠোৱা বা ডিজিটেল এৰেষ্ট-ৰ দৰে জালিয়াতিৰ জৰিয়তে মানুহক বিপদত পেলাব পাৰে। এই অভিযানৰ জৰিয়তে মানুহক কোনো সন্দেহজনক বাৰ্তা, ফোনকল বা অনুৰোধ পোৱাৰ পিছত তৎক্ষণাত সঁহাৰি নিদি ৰৈ, পৰীক্ষা কৰি আৰু ভালদৰে ভাবি আগবাঢ়িবলৈ উৎসাহিত কৰা হৈছে।
এই অভিযানৰ লক্ষ্য হৈছে জালিয়াতিৰ বিষয়ে সজাগতাক সহজ, আকৰ্ষণীয় আৰু মনত ৰৈ যোৱা ধৰণে মানুহৰ মাজলৈ লৈ যোৱা। বিশেষকৈ যুৱ আৰু ডিজিটেল মাধ্যম অধিক ব্যৱহাৰ কৰা লোকসকলক লক্ষ্য কৰি অভিযানটো প্ৰস্তুত কৰা হৈছে যদিও ইয়াৰ বাৰ্তা সকলো বয়সৰ লোকৰ বাবেই গুৰুত্বপূৰ্ণ।
এইচ ডি এফ চি বেংকৰ চীফ মাৰ্কেটিং অফিচাৰ এণ্ড গ্ৰুপ হেড, শ্ৰী ৰবি সন্থানামে কয়, “প্ৰৱঞ্চক সকলে ভয় আৰু তাৎক্ষণিকতাৰ সৃষ্টি কৰি মানুহক তৎক্ষণাত সিদ্ধান্ত ল’বলৈ বাধ্য কৰে। ‘ভিজিল আন্টি ছেইজ – লেজিনেছ ছেভ’ অভিযানৰ জৰিয়তে আমি কমেডিৰ মাধ্যমেৰে এক গুৰুত্বপূৰ্ণ সজাগতামূলক বাৰ্তা আগবঢ়াব বিচাৰিছোঁ। ভিজিল আন্টি আৰু ভাৰতৰ জনপ্ৰিয় ষ্টেণ্ড-আপ কমেডিয়ান সকলৰ সহায়ত আমি প্ৰৱঞ্চক সকলে কেনেদৰে কাম কৰে সেই বিষয়ে মানুহক অধিক সজাগ কৰিব বিচাৰিছোঁ। জিঅ’হটষ্টাৰ -ৰ সৈতে মিলি এই বাৰ্তাটো অধিক সংখ্যক লোকৰ মাজলৈ লৈ যাব পাৰিম বুলি আমি আশাবাদী।”
এই অভিযানটো এইচ ডি এফ চি বেংকৰ সৃষ্টিশীল সংস্থা FCBKinnect-এ পৰিকল্পনা কৰিছে। সমগ্ৰ ভাৰতৰ ডিজিটেল বেংকিং আৰু অনলাইন পেমেণ্ট ব্যৱহাৰ কৰা লোকসকলক লক্ষ্য কৰি এই অভিযানটো প্ৰস্তুত কৰা হৈছে।
মনোৰঞ্জনৰ সৈতে জালিয়াতিৰ বিৰুদ্ধে সজাগতাক সংযোগ কৰি এই অভিযানৰ জৰিয়তে গুৰুত্বপূৰ্ণ সুৰক্ষা বাৰ্তা সমূহ মানুহৰ বাবে অধিক সহজে বুজিব পৰা আৰু আনৰ সৈতে শ্বেয়াৰ কৰিব পৰা কৰি তোলাৰ চেষ্টা কৰা হৈছে।
ভিজিল আন্টি হৈছে এইচ ডি এফ চি বেংকে সৃষ্টি কৰা এটা কাল্পনিক চৰিত্ৰ, যিয়ে সহজ আৰু বন্ধুত্বপূৰ্ণ ভাষাত ডিজিটেল সুৰক্ষা আৰু জালিয়াতিৰ বিষয়ে মানুহক সজাগ কৰে। ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত ভিজিল আন্টি -ৰ ২২ লাখতকৈ অধিক অনুসৰণকাৰী আছে।
এই অভিযানৰ মূল বাৰ্তা অতি সহজ—কিবা এটা সন্দেহজনক যেন লাগিলে তাৎক্ষণিকতা নকৰি অলপ ৰওক, পৰীক্ষা কৰক আৰু তাৰ পিছতহে সিদ্ধান্ত লওক। কেতিয়াবা অলপ সময় একো নকৰাকৈ ৰৈ যোৱাটোৱেই আপোনাক জালিয়াতিৰ পৰা ৰক্ষা কৰিব পাৰে।