চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে

0 46

অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক আঁচনিখনৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ সময়মতে সমাধানৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ লগতে চৰকাৰ আৰু হিতাধিকাৰীৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগী হিচাপে ‘অৰুণোদয় সাৰথি’সকলে আঁচনিখনৰ অন্তিম পৰ্যায়ৰ সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰিব বুলি আজি মন্তব্য কৰে অসমৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত অৰুণোদয় সাৰথি সকলৰ কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় আঁচনি অসমত মহিলা সবলীকৰণ আৰু সামাজিক সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে পৰিগণিত হৈছে। আঁচনিখনৰ জৰিয়তে হিতাধিকাৰী পৰিয়ালৰ মহিলাসকলক নিয়মীয়াকৈ পোনপটীয়াকৈ আৰ্থিক সহায় আগবঢ়োৱা হৈছে।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয়ৰ পৰিসৰ ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে লগে হিতাধিকাৰীসকলক ফলপ্ৰসূভাৱে অন্তিম পৰ্যায়ত সহায়-সহযোগিতা আগবঢ়োৱাটোও সমানেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেই উদ্দেশ্যে প্ৰতিটো বিধানসভা সমষ্টি পৰ্যায়ত হিতাধিকাৰীসকলৰ বাবে সহজে উপলব্ধ চৰকাৰী সহায়ক ব্যৱস্থা হিচাপে ‘অৰুণোদয় সাৰথি’ৰ ব্যৱস্থা কৰা হৈছে।

নিৰ্ধাৰিত কাৰ্যপদ্ধতি মান (SOP) অনুসৰি, প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে জিলা পৰ্যায়ৰ নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ পুলৰ পৰা এগৰাকী ‘অৰুণোদয় সাৰথি’ নিয়োগ কৰা হ’ব। সম্ভৱপৰ ক্ষেত্ৰত তৃতীয় বৰ্গৰ কৰ্মচাৰীক অগ্ৰাধিকাৰ দিয়া হ’ব। জিলা আয়ুক্তই সাৰথিগৰাকীক মনোনীত কৰাৰ লগতে হিতাধিকাৰীসকলৰ সুবিধা আৰু সহজ প্ৰৱেশাধিকাৰ বিবেচনা কৰি কোনটো চৰকাৰী কাৰ্যালয়ৰ পৰা সাৰথিগৰাকীয়ে কাম কৰিব সেয়া নিৰ্ধাৰণ কৰিব।

“আপোনালোকৰ প্ৰতিগৰাকীয়ে চৰকাৰ আৰু সাধাৰণ নাগৰিকৰ মাজত এক সেতু হিচাপে কাম কৰিব লাগিব। বিশেষকৈ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ হিতাধিকাৰীসকলৰ সৈতে ধৈৰ্য, সৌজন্য আৰু সংবেদনশীলতাৰে ব্যৱহাৰ কৰি প্ৰকৃত অৰ্থত ৰাইজৰ সাৰথি হিচাপে কাম কৰিব লাগিব,” বিত্তমন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ স্পষ্ট কৰি দিয়ে যে ‘অৰুণোদয় সাৰথি’ৰ মূল দায়িত্ব হৈছে হিতাধিকাৰীসকলক প্ৰয়োজনীয় সহায় আগবঢ়োৱা আৰু তেওঁলোকৰ অভিযোগ তথা সমস্যাৰ সমাধানত সহযোগিতা কৰা। সাৰথিসকলে আধাৰ ছীডিং, বেংক একাউণ্টৰ KYC, আধাৰভিত্তিক ধন পৰিশোধৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰু নিৰ্ধাৰিত ব্যৱস্থাৰ জৰিয়তে হিতাধিকাৰীৰ তথ্য সংশোধন বা আপডেট কৰাৰ ক্ষেত্ৰত সহায় কৰিব। ইয়াৰ উপৰি, হিতাধিকাৰীসকলৰ প্ৰকৃত সমস্যাসমূহ সময়মতে সমাধানৰ বাবে চৰকাৰী কাৰ্যালয়, বেংক আৰু অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সমন্বয় সাধন কৰিব।

বিশেষকৈ দিব্যাংগ ব্যক্তি, বিধৱা আৰু অন্যান্য দুৰ্বল শ্ৰেণীৰ হিতাধিকাৰীসকলে আধাৰ, বেংক একাউণ্ট, KYC অথবা হিতাধিকাৰীৰ তথ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’লে তেওঁলোকক সংবেদনশীলতাৰে সহায় আগবঢ়াবলৈ বিত্তমন্ত্ৰীগৰাকীয়ে সাৰথিসকলক আহ্বান জনায়।

অৱশ্যে ‘অৰুণোদয় সাৰথি’সকলৰ হিতাধিকাৰী অনুমোদন, প্ৰত্যাখ্যান অথবা হিতাধিকাৰী নিৰ্বাচনৰ বাবে কোনো ক্ষমতা নাথাকিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। বিত্ত বিভাগে জাৰি কৰা অৰুণোদয়ৰ নিৰ্দেশনা অনুসৰি হিতাধিকাৰীৰ পৰীক্ষণ, অনুমোদন আৰু ধন মঞ্জুৰিৰ কাম কেৱল সংশ্লিষ্ট কৰ্তৃপক্ষইহে সম্পন্ন কৰিব। নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিৰ বাবে আবেদন বা অনুৰোধো বিত্ত বিভাগৰ নিৰ্দিষ্ট নিৰ্দেশনা অবিহনে সাৰথিসকলে গ্ৰহণ নকৰিব।

অৰুণোদয় আঁচনিৰ ক্ৰমবৰ্ধমান পৰিসৰৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আঁচনিখনৰ অধীনত মাহিলী আৰ্থিক সাহায্য ৮৩০ টকাৰ পৰা বৃদ্ধি কৰি ১,২৫০ টকা কৰা হৈছে আৰু হিতাধিকাৰীৰ সংখ্যা প্ৰায় ৪০ লাখলৈ বৃদ্ধি পাইছে। যোগ্য আৰু প্ৰকৃত হিতাধিকাৰী পৰিয়ালসমূহে যাতে দক্ষতা আৰু স্বচ্ছতাৰে এই সাহায্য লাভ কৰে, সেয়াই চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ লক্ষ্য বুলি তেওঁ উল্লেখ কৰে।

আঁচনিখনৰ নিৰীক্ষণ আৰু অভিযোগ নিষ্পত্তি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ডিজিটেল ব্যৱস্থাৰ গুৰুত্বৰ ওপৰতো বিত্তমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। ‘অৰুণোদয় সাৰথি’সকলে Digital Infrastructure of DBT Scheme (DIDS) অথবা বিত্ত বিভাগে সময়ে সময়ে নিৰ্ধাৰণ কৰা অন্যান্য ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে নিজৰ দায়িত্ব পালন কৰিব। এই উদ্দেশ্যে প্ৰয়োজনীয় ব্যৱহাৰিক সুবিধা আৰু প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

আঁচনিখনৰ ৰূপায়ণত সততা আৰু স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী বৰুৱাই প্ৰতিটো পৰ্যায়তে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অৰুণোদয়ৰ সেৱা আগবঢ়োৱাৰ বিনিময়ত কোনো সাৰথিয়ে হিতাধিকাৰীৰ পৰা কোনো ধৰণৰ মাচুল বা ধন গ্ৰহণ কৰিব নোৱাৰিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

লগতে, হিতাধিকাৰীসকলে সন্মুখীন হোৱা পুনৰাবৃত্তিমূলক সমস্যা আৰু আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ বিষয়ে নিয়মীয়াকৈ তৃণমূল পৰ্যায়ৰ মতামত চৰকাৰক অৱগত কৰিবলৈ সাৰথিসকলক আহ্বান জনায়। এনে মতামতে আঁচনিৰ ব্যৱস্থা অধিক উন্নত কৰা আৰু প্ৰয়োজনীয় সংস্কাৰ সাধনত সহায় কৰিব বুলি তেওঁ কয়।

সংশ্লিষ্ট জিলা আয়ুক্তসকলৰ সামগ্ৰিক তত্বাৱধানত ‘অৰুণোদয় সাৰথি’সকলৰ কাৰ্যকলাপ পৰিচালিত হ’ব। মনোনীত ন’ডেল বিষয়াই দৈনন্দিন তত্বাৱধান আৰু সমন্বয়ৰ দায়িত্ব পালন কৰিব। সাৰথিসকলে নিৰ্ধাৰিত আৰ্হিত মাহিলী প্ৰতিবেদন দাখিল কৰিব আৰু বিত্ত বিভাগে DIDS, ডিজিটেল ডেশ্বব’ৰ্ড আৰু অন্যান্য নিৰ্ধাৰিত ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ কাম-কাজ নিৰীক্ষণ কৰিব।

দিনজোৰা কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচীত ‘অৰুণোদয় সাৰথি’সকলক কাৰ্যপদ্ধতি মানক (SOP), তেওঁলোকৰ নিৰ্ধাৰিত ভূমিকা আৰু দায়িত্ব, ডিজিটেল কাৰ্যপ্ৰবাহ, অভিযোগ নিষ্পত্তিৰ ব্যৱস্থা, প্ৰতিবেদন দাখিলৰ প্ৰয়োজনীয়তা তথা বেংক, জিলা প্ৰশাসন আৰু বিত্ত বিভাগৰ সৈতে সমন্বয়ৰ বিভিন্ন দিশৰ বিষয়ে প্ৰশিক্ষণ আৰু পৰিচিতি প্ৰদান কৰা হয়।

বিত্তমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে বিধানসভা সমষ্টি পৰ্যায়ত এই বিশেষ সহায়ক ব্যৱস্থাই অৰুণোদয় আঁচনিখনক অধিক সহজলভ্য, দ্ৰুত সঁহাৰিদায়ক আৰু নাগৰিককেন্দ্ৰিক কৰি তোলাৰ লগতে ৰাজ্যখনৰ হিতাধিকাৰীসকলৰ ওচৰলৈ চৰকাৰী সেৱাৰ ফলপ্ৰসূ অন্তিম পৰ্যায়ৰ প্ৰদান নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

Leave A Reply

Your email address will not be published.