পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
পাঞ্জাবাৰীত অৱস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ত আজি আয়োজিত এক অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই বিভাগটোৰ কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ নিকট আত্মীয়ক ৫ লাখ টকাকৈ সাহায্যৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে। এই আঁচনিৰ অধীনত ৩৪টা পৰিয়ালে সৰ্বমুঠ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য লাভ কৰিব। উল্লেখযোগ্য যে ৰাজ্যখনৰ গ্ৰামোন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণত ঠিকাভিত্তিক কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁলোকে নিষ্ঠা আৰু একাগ্ৰতাৰে বিভাগটোৰ বিভিন্ন পদক্ষেপৰ ৰূপায়ণত সেৱা আগবঢ়াই আহিছে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী অতুল বৰাই কয় যে কোনো আৰ্থিক সাহায্যই আপোনজনক হেৰুওৱাৰ বেদনা পূৰণ কৰিব নোৱাৰে। তথাপি, মৃত কৰ্মচাৰীসকল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰিয়ালৰ এক অবিচ্ছেদ্য অংশ আছিল আৰু তেওঁলোকৰ বিয়োগে পৰিয়ালবৰ্গৰ লগতে বিভাগটোকো গভীৰভাৱে শোকাহত কৰিছে। তেওঁ আশা প্ৰকাশ কৰে যে এই সাহায্যই পৰিয়ালসমূহক কিছু পৰিমাণে আৰ্থিক সকাহ দিয়াৰ লগতে আগন্তুক দিনসমূহৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত সহায় কৰিব। মন্ত্ৰীগৰাকীয়ে পৰিয়ালৰ সদস্যসকলক বিভাগটোৱে সময়ে সময়ে বিজ্ঞাপনযোগে প্ৰকাশ কৰা ঠিকাভিত্তিক পদসমূহৰ বাবে আবেদন কৰিবলৈও উৎসাহিত কৰে।
এককালীন আৰ্থিক সাহায্য প্ৰদান এই আঁচনিৰ বাবে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সংকটৰ সময়ত পৰিয়ালসমূহৰ কাষত থিয় দিয়াৰ প্ৰতি অসম চৰকাৰ সদায়ে দায়বদ্ধতা।
উল্লেখযোগ্য যে ২০১১ চনৰ ১ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে কৰ্মৰত অৱস্থাত মৃত্যু হোৱা ঠিকাভিত্তিক কৰ্মচাৰীৰ ১৫০টা পৰিয়ালে ৫ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য লাভ কৰিছে। ইয়াৰ জৰিয়তে পৰিয়ালসমূহৰ আৰ্থিক সুৰক্ষা আৰু সামাজিক নিৰাপত্তা শক্তিশালী হোৱাৰ লগতে ৰাজ্যৰ সেৱাত নিয়োজিত কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ সম্পৰ্ক আৰু বিশ্বাস অধিক সুদৃঢ় হৈছে।
অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব পুষ্পাঞ্জলি দাস, আয়ুক্ত ঐনাম চৰণকুমাৰ সিং, যুটীয়া আয়ুক্ত ধ্ৰুৱজ্যোতি নাথ প্ৰমুখ্যে আয়ুক্তালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ তথা প্ৰয়াত কৰ্মচাৰীসকলৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে।