শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন

0 46

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত আৰু আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সহযোগত ৮ আৰু ৯ অক্টোবৰত বিশ্ববিদ্যালয় চৌহদত দুদিনীয়া কাৰ্যসূচীৰে ‘বীণা চৌধুৰী শ্ৰীমন্ত শংকৰদেৱ ঐতিহ্য মহোৎসৱ – ২০২৬’ উদযাপন কৰা হয় । উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত মহোৎসৱৰ মূল উদ্দেশ্য আছিল নৱ প্ৰজন্মক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে জানিবলৈ আৰু তাক সংৰক্ষণ কৰিবলৈ উৎসাহিত কৰা। মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পদ্মশ্ৰী যতীন গোস্বামীয়ে ভাগ লৈ ভাষণ প্ৰসংগত পৰম্পৰাগত জ্ঞান, ঐতিহ্য আৰু সংস্কৃতি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ছাত্ৰ-ছাত্ৰীসকলক নিজৰ শিপাৰ সৈতে চিনাকি কৰাই দিয়াত এনে প্ৰতিযোগিতা আৰু সাংস্কৃতিক পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ কুংকী চৌধুৰীয়ে প্ৰয়াত বীণা চৌধুৰীৰ জীৱন আৰু অৱদানৰ লগতে শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য অৱদান আৰু ঐতিহ্যৰ বিষয়ে ভাষণ প্ৰদান কৰে। মহোৎসৱত বিভিন্ন বিদ্যালয়ৰ মাজত ঐতিহ্যমূলক কুইজ, অসমীয়া আৰু ইংৰাজী ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন, বৰগীত আৰু সত্ৰীয়া নৃত্যকে ধৰি কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ উপৰিও মাজুলীৰ পৰম্পৰাগত মুখা শিল্প নিৰ্মাণ আৰু পুৰণি সাঁচিপাতৰ লিপিৰ কৰ্মশালাই অংশগ্ৰহণকাৰীসকলক অসমৰ অনন্য শিল্প আৰু সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়া হয় । আনহাতে মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত ‘শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ দৰ্শনৰ সাম্প্ৰতিক প্ৰাসংগিকতা’ শীৰ্ষক আলোচনা চক্ৰত বিশিষ্ট লেখক জ্যোতি খাটনিয়াৰ আৰু বিশিষ্ট সংগীতজ্ঞ অৰুণাভ জ্যোতি মালাকাৰে সমল ব্যক্তি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত সত্ৰীয়া সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰত অনবদ্য অৱদান আগবঢ়োৱা বাবে চৰাইদেউ জিলাৰ নবীন হাজৰিকাৰ নেতৃত্বাধীন ‘বকুল বৃন্দাবন সংস্কৃতি গোষ্ঠী’ আৰু গুৱাহাটীৰ হৰ্ষিতা ৰায় চৌধুৰীক ‘শ্ৰীমন্ত শংকৰদেৱ ঐতিহ্য বঁটা’ প্ৰদান কৰা হয়। আনহাতে মহোৎসৱৰ লগত সংগতি ৰাখি আকৰ্ষণীয় শোভাযাত্ৰা উলিওৱাৰ লগতে শঙ্কৰী সংস্কৃতি প্ৰদৰ্শন কৰা হয়। যত বহু শিক্ষাৰ্থীয়ে গীত, নৃত্য প্ৰদৰ্শন কৰে ।

Leave A Reply

Your email address will not be published.