অসমৰ কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি নতুন দিল্লীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিল আৰু কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক তেওঁলোকৰ নিজ নিজ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে।
কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ সৈতে হোৱা বৈঠকত মন্ত্ৰী হাজৰীকাই অসমৰ সাম্প্ৰতিক জলসিঞ্চন ব্যৱস্থাৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে ৰাজ্যখনত ৰূপায়ণ হৈ থকা বিভিন্ন জলসিঞ্চন আঁচনিৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। ৰাজ্যৰ জলসিঞ্চন আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা (PMKSY) আৰু MCADWMকে ধৰি কেন্দ্ৰীয় আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অব্যাহত সহযোগিতা কামনা কৰে।
আনহাতে, কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা বৈঠকত অসমৰ কৃষি খণ্ডৰ সম্ভাৱনীয়তা, বিশেষকৈ মাখানা খেতি, উদ্যান শস্য আৰু অইল পামৰ খেতি সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰী হাজৰীকাই মাখনা খেতিৰ উন্নয়নৰ বাবে অসমে ইতিমধ্যে কেন্দ্ৰীয় পুঁজিৰ অধীনত ২ কোটি টকা ব্যয় কৰি থকা বুলি অৱগত কৰাৰ লগতে এই খণ্ডৰ অধিক সম্প্ৰসাৰণৰ বাবে অতিৰিক্ত সহযোগিতা কামনা কৰে।
কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে অসমত অইল পামৰ খেতি সম্প্ৰসাৰণৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি ৰাজ্যখনক মন্ত্ৰালয়ৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে। এই বৈঠকত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।
মন্ত্ৰী পীযুষ হাজৰীকাই দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ মূল্যৱান পৰামৰ্শ আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। লগতে জলসিঞ্চন ব্যৱস্থাৰ উন্নয়ন, কৃষিৰ বহুমুখীকৰণ আৰু কৃষকৰ আয় বৃদ্ধিৰ দিশত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ দোহাৰে।