যোগ দিৱস বিশেষ

0 248

আজি যোগ দিৱস। যোগ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন স্থানত যোগ দিৱসৰ আয়োজন কৰাৰ লগতে যোগ শিবিৰৰো আয়োজন কৰিছে। আনহাতে নগাঁৱত কেন্দ্ৰীয় ভাবে যোগ দিৱসৰ আয়োজন কৰা হৈছে। পুণ্য ভূমি ভাৰত বৰ্ষত অতীজৰে পৰা যোগ সাধন কৰি অহা হৈছে। যোগ সাধনৰ জৰিয়তে মন, মগজু আৰু শৰীৰ সুস্থ কৰি ৰাখিব পাৰিব। আনহাতে পুৰণি কালত ঋষিমুনি সকলে ধ্যান অৰ্থাৎ তপস্যা জৰিয়তে ভগৱানৰ সান্নিধ্য লাভ কৰিছিল বুলি শুনা যায়। মহাভাৰত ৰামায়ণ আদিৰ দৰে মহাকাব্যটো যোগ সাধনৰ কথা উল্লেখ আছে। আনহাতে ভাৰতবৰ্ষতো যোগ চৰ্চাৰ আৰম্ভ হোৱা বুলি অনুমান কৰিব পাৰি। বৰ্তমান সময়ত বিশ্বৰ প্ৰায় বোৰ দেশতে যোগৰ চৰ্চা আৰম্ভ হৈছে। সুস্থ দেহ আৰু সুস্থ মনৰ অধিকাৰী হ’লেহে সুস্থ চিন্তাৰ অধিকাৰী হয় আৰু সুস্থ মনৰ অধিকাৰী হ’বলৈ শৰীৰ চৰ্চা বা যোগভ্যাসৰ প্ৰয়োজন অসীম। জনবিশ্বাস অনুসৰি সূৰ্যোদয়ৰ আগতে প্ৰণায়ম কৰিলে মানুহৰ মনৰ পৰা বেয়া ভাব দূৰ হয় আৰু সুস্থ চিন্তাৰ খোৰাক জন্মে। সেয়ে চাগে ঋষিমুনি সকলে অতীজতে ৰচনা কৰা গ্ৰন্থ, তেওঁলোকৰ মুখৰ বাণী আজিও আমাৰ মাজত প্ৰচলিত।

আনহাতে এই যোগ চৰ্চাৰ জৰিয়তে আমি নিজকে নিৰোগী কৰি ৰাখিব পাৰো। বৰ্তমান সময়ত স্কুল কলেজ আদিত যোগ ৰ বিশেষ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে। ই এটা যুগান্তকাৰী পদক্ষেপ। আনহাতে বৰ্তমান সময়ত আমি খোৱা খাদ্য সমূহৰ বেছি ভাগেই ভেজালযুক্ত আৰু মচলাযুক্ত। যাৰ বাবে আমি বিভিন্ন বেমাৰত পৰিব লগা হয় কিন্ত শৰীৰ চৰ্চাৰ দ্বাৰা আমি এই ৰোগ সমূহৰ পৰা কিছু পৰিমাণে হ’লেও আতৰি থাকিব পাৰো। এক সমীক্ষা মতে পোৱা যায় যে যদি এজন মানুহে দৈনিক এঘণ্টা হ’লেও যোগ চৰ্চা কৰে তেওঁ নিৰোগী জীৱন যাপন কৰিব পাৰে। আজিৰ এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত সকলোলৈ জনাইছো শুভকামনা লগতে আশা কৰিছো শৰীৰ চৰ্চাৰ জৰিয়তে আপুনি উদযাপন কৰিব এক নতুন নিৰোগী জীৱনৰ।

Leave A Reply

Your email address will not be published.