আজি গণেশ চতুৰ্থী । সিদ্ধিদাতা গণেশ পূজা। হিন্দু ধর্মৰ দেৱতা সকলৰ ভিতৰত প্ৰভু গণেশকেই আগস্থান দিয়া হয় অৰ্থাৎ আদি পূজা গণেশক দিয়া হয়। ইয়াৰো আছে এক কাহিনী। কথিত অনুসৰি নিজ পিতৃ মহাদেৱৰ আশীষ লাভ কৰি গণেশে আদি পূজা লাভ কৰে। গণেশ চতুৰ্থী উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষত ব্যাপক প্ৰস্তুতি চলিছে। ব্যতিক্ৰম নহয় অসম তথা গুৱাহাটী চহৰ। গণেশ পূজা উপলক্ষে মহানগৰীৰ বিভিন্ন অঞ্চলৰ মন্দিৰ সমূহত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। বিশেষকৈ গণেশগুৰিৰ গণেশ মন্দিৰ,উজান বজাৰ গণেশ মন্দিৰকে প্ৰায় বোৰ গণেশ মন্দিৰত পুৱাৰে পৰা ভক্তৰ লানীনিচিঙা ভিৰ দেখিব পোৱা গৈছে। মত বিশ্বাস অনুসৰি গণেশক আৰাধনা কৰিলে মনৰ কামনা সিদ্ধি হয়। বিশেষকৈ ব্যৱসায় প্ৰতিস্থান আদিতো আজি ব্যক্তিগত ভাৱে এই গণেশ চতুৰ্থী উদযাপন কৰা হয়। আনহাতে পূজা উপলক্ষে মৃণ্ময় মূৰ্তিৰ দোকান সমূহৰ লগতে ফুলৰ দোকান সমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হয়। গুৱাহাটী দাঁতি কাষৰীয়া অঞ্চল হাজো, শুৱালকুছি, পছৰিয়া আদি বিভিন্ন অঞ্চলৰ পৰা লোক সকলে পূজা উপলক্ষে গাঁৱৰ পৰা ফুল ,কলপুলি আদি বিক্ৰী কৰিব অনা পৰিলক্ষিত হয়।পঞ্জীকাৰ তথ্য অনুসৰি আজি দিনৰ ১১.৫ বজাত চতুৰ্থী পূজা ভাগ আৰম্ভ হৈছে।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন