চিনেমাৰ নায়ক নায়িকাৰ প্ৰতি আকৰ্ষিত হৈ ষ্টাইল কপি সকলোৱে কৰে। কিন্তু অনুৰাগী সকলৰ খুব কমেহে বাস্তৱক্ষেত্ৰত কোনো কাম তেওঁলোকৰ বাবে উৎসৰ্গিত কৰে। আজি আপোনাক জনাবলৈ লৈছো সংগীত শিল্পী পাপনৰ অনুৰাগী দুজনৰ বিষয়ে। তেওঁলোক দুজন হ’ল প্ৰবাল প্ৰতীম বৰা আৰু পাৰ্থ প্ৰতীম বৰা। এই দুজন উদ্যমীয়ে অলপতে গুৱাহাটীৰ হেঙেৰাবাৰীত ষ্ট্ৰীং নামৰ এখন কাফে আৰম্ভ কৰিছে।উল্লেখযোগ্য যে এই কাফে খনত কেৱল পাপনৰ গান সংগীত লগায়। ইয়াৰ উপৰিও পাপনৰ বিভিন্ন ফটো কাফেখনত সজোৱা আছে। এই সম্পৰ্কে প্ৰবালে জনায় যে মই পাপনক বহুত ভাল পাও।দেশৰ লগতে বাহিৰতো এনেধৰণৰ কাফে আছে। কিন্তু অসমত এনেধৰণৰ কাফেৰ অভাৱ অনুভৱ কৰাৰ বাবে এই কাফে খন আৰম্ভ কৰিলো। কিছুদিনৰ পিছৰ পৰা কাফেখনত বিভিন্ন বেণ্ডে সংগীত পৰিবেশন কৰিব।লগতে আদ্দা তথা আলোচনাৰ কৰাৰ সুবিধা থাকিব। স্মৰ্তব্য যে কাফেখনত নুন্যতম ৩০ টকাৰ সৰ্বোচ্চ ১৮০ টকাৰ মূল্য খাদ্য সম্ভাৰ উপলব্ধ।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা