বিজয়া দশমী আৰু দশেৰাৰ সংগমে আজি দিনটো বিশেষ কৰি তুলিছে।শাৰদীয় বতৰৰ অন্যতম উৎসৱ দুৰ্গা পূজাৰ শেষ দিন অৰ্থাৎ বিজয়া দশমী।বিজয়া দশমীৰ উপলক্ষে মণ্ডপ স্থলীত পুৱা ভাগত পূজা অৰ্চনা অনুষ্ঠিত হয় আৰু বিবাহিতা মহিলা সকলে সেন্দুৰ খেলে।স্থান আৰু ঠাই বিশেষে জাতি ,বৰ্ণ নিৰ্বিশেষে বহুতো মহিলাই সেন্দুৰ খেলা দেখা গ’ল।আজি যিহেতু বিজয়া দশমী দুৰ্গা প্ৰতিমাক বিসৰ্জন দিয়া হয় সেয়ে ভক্ত সকলক আৱেগিক হৈ পৰা দেখা গ’ল।আনহাতে ধুম ধামেৰে উদযাপিত হয় দশেৰা উংসৱ।ঠাই বিশেষে প্ৰতীক ৰূপত ৰাৱনক জ্বলোৱা বাতৰি আমালৈ আহিছে।কথিত আছে দশেৰা উৎসৱ ৰাৱন বধৰ লগত সম্পৰ্কিত ।এনেদৰে আজিৰ দিনটোত উৎসৱৰ সমাহাৰ ঘটিল।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন