কৰ্তব্যৰত অৱস্থাত দেশৰ বাবে প্ৰাণ আহুতি দিয়া কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি.আৰ.পি.এফ) বীৰ শ্বহীদ জোৱান তথা কামৰূপ জিলাৰ ৰৌমাৰী নিবাসী মতিউৰ ৰহমান শ্বহীদ আৰক্ষী স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ১৭৫ বি.এন.চি.আৰ পি এফৰ উদ্যোগত যোৱা ২০ অক্টোবৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই উপলক্ষে বীৰ শ্বহীদ জোৱান মতিউৰ ৰহমানে অধ্যয়ন কৰা ৰৌমাৰী কিচমত আঞ্চলিক উচ্চ বিদ্যালয় চৌহদত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত তেওৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ১৭৫ বি.এন. চি.আৰ.পি.এফৰ কমাণ্ডেণ্ট মহেশ কুমাৰে। বাহিনীটোৰ কমাণ্ডেণ্ট এছ.এছ সোমবংশীয়ে আত ধৰা অনুষ্ঠানত ভাষণ প্ৰসঙ্গত কামাণ্ডেণ্ট মহেশ কুমাৰে ২০০৮ চনৰ ২০ অক্টোবৰৰ দিনটোত মুকগুটাৰ নামৰ এখন ঠাইত গভীৰ অৰণ্যত নক্সাল উগ্ৰপন্থীৰে সৈতে অসীম সাহসৰে যুজ দি মতিউৰ ৰহমানে কিদৰে শ্বহীদ হৈছিল তাৰ চমু বাখ্যা দাঙি ধৰে। অনুষ্ঠানত শ্বহীদ জোৱান মতিউৰ ৰহমানৰ পিতৃ মাতৃকে ধৰি পৰিয়ালৰ লোকসকল, বিদ্যালয়খনৰ প্ৰধান শিক্ষককে ধৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী, কৰ্মচাৰী, অঞ্চলটোৰ ৰাইজ, পৰিদৰ্শক ভাৰত প্ৰসাদকে ধৰি ১৭৫ বি.এন. চি.আৰ.পি.এফ.ৰ কেইবাগৰাকী বিষয়া-জোৱান উপস্থিত থাকে।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী