ডিমা হাছাও জিলাৰ এজন ব্যক্তিয়ে ৰাইজৰ বাবে দলং নিৰ্মাণ কৰিলে।আচিং জিমি নামৰ ব্যক্তিজনে ৰাইজৰ সহযোগত এখন ওলমা দলংখন নিৰ্মাণ কৰিলে।উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ৰাইজে দলং খনৰ বাবে চৰকাৰক অৱগত কৰি আছিল যদিও কোনো সুফল পোৱা নাছিল ।অৱশেষত আচিং জিমিয়ে কাঠ, বাঁহ, আৰু কিছু সংখ্যক সৰঞ্জামৰ দ্বাৰা ওলমা দলংখন নিৰ্মাণ কৰে ।পূৰ্বেও প্ৰায় ৭কি .মিটাৰ দৈৰ্ঘ্যৰ এটা পথ নিৰ্মাণ কৰিছিল ।জানিব পৰা মতে এই ওলমা দলংখন ৰোবিনলা নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু বৰ্ত্তমানে ৪ খন গাঁৱৰ মানুহৰ আয়ুস ৰেখা হৈ পৰিছে ।অঞ্চলটোত ৰ’ড ম্যান হিচাপে খ্যাত জিমিয়ে ইতিপূৰ্বেও পথ, বাসস্থান, দলং নিৰ্মাণ কৰি স্থানীয় লোক সকলক সহায় কৰি আহিছে ।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন