মেক ইন আচামৰ অংশীদাৰ হোৱা এজন যুৱক।যুৱকজনে গাৱৰ আন্ধাৰ ৰাস্তাবোৰ পোহৰাব খোজে।ঘৰে ঘৰে পোহৰ যোগান ধৰিব বিচাৰে।কেৱল এই প্ৰয়াসতে আৱদ্ধ নথকা যুৱকজনে ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত নিজেই উদ্ভাৱন কৰা সামগ্ৰী যোগান ধৰিছে।আহকচোন জানো এই বিশেষ যুৱকজন নো কোন? আৰু তেওঁ কি কৰিছে? এই বিশেষ যুৱকজনৰ নাম কৌশিক হাজৰিকা।ঘৰ তেজপুৰৰ বিষ্ঞুনগৰত।তেওঁ ইনভাৰটাৰ, চ’লাৰ লাইট উদ্ভাৱন কৰি অসমৰ বিভিন্ন ঠাইৰ গ্ৰাহকক যোগান ধৰিছে।এই সম্পৰ্কে কৌশিক হাজৰিকাই কয়-এই কামটোৰ লগত ৫ জনমান ব্যক্তি জৰিত আছে ।ফেচবুকৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইৰ গ্ৰাহক সমূহক পাইছো।বিদেশৰ উচ্চহাৰৰ চাকৰি পৰিত্যাগ কৰি কিয় উদ্যমী হোৱা মেলে বুলি সোধাৰ এক প্ৰশ্নৰ উত্তৰত কয় যে স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে এনেধৰণৰ কামৰ প্ৰতি অগ্ৰসৰ হও।উল্লেখযোগ্য যে কৌশিক হাজৰিকাই যোগান ধৰা একোটা ইনভাৰটাৰৰ মূল্য ৬৯০টকা।কৌশিক হাজৰিকাৰ মতে আমি প্ৰস্তুত কৰা ইনভাৰটাৰ বহুত দিন ভালে থাকে ।মেক ইন আচামৰ ক্ষেত্ৰত কৌশিক হাজৰিকাই আগবঢ়োৱা সেৱাৰ বাবে বিষয়টোৱে সচেতন মহলৰ মাজত যথেষ্ট চৰ্চা লাভ কৰিছে।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা