মৌ পালন কৰি স্বাৱলম্বী হোৱা অসমৰ এখন বিশেষ গাঁও।যি গাঁওখনে ইতিমধ্যে মৌগাঁও হিচাপে স্বীকৃতি লাভ কৰিছে ।জানি সুখী হ’ব যে সেই বিশেষ গাঁৱখনৰ পৰা অৰুণাচল প্ৰদেশলৈ মৌ যোগান হয়।লখিমপুৰ জিলাৰ সান্দহখোৱা গাঁওবাসীয়ে এই বিশেষ কামৰ বাবে প্ৰসিদ্ধ হৈ পৰিছে ।এই মৌপালনৰ গুৰিতে নিতুল ভূঞা নামৰ ব্যক্তিজনৰ প্ৰচেষ্টা অন্যতম ।উল্লেখযোগ্য যে নিতুল ভূঞাই মৌপালনৰ বৃত্তিৰ স্বাৱলম্বী হোৱাৰ পিছতেই সমূহ গাঁওবাসীয়ে এই প্ৰচেষ্টাক আদৰি লয় আৰু বৰ্তমানে গাঁওখনৰ লোকসকলে প্ৰায় ৪০০বাকচত মৌপালন কৰি আছে।জানিব পৰা মতে গাঁওবাসীয়ে ইতিপূৰ্বে দোৰোণ বন, আম, লেচু আৰু তিলৰ খেতিত মৌপালন কৰিছে।প্ৰগতি মৌ পালন গোট নামৰ এটা গোটৰ জৰিয়তে মৌ পালনৰ প্ৰশিক্ষণ প্ৰদান কৰে।স্মতৰ্ব্য যে তেওঁলোকে উৎপাদিত প্ৰতিলিটাৰ মৌৰ মূল্য ৩৬০টকা।যি সময়ত ৰাজ্যখনৰ অধিকাংশ নিবনুৱা ই চাকৰি বিচাৰি হাবাথুৰি খাইছে, সেই সময়ত সান্দহখোৱা গাঁওবাসীয়ে মৌপালনেৰে স্বাৱলম্বী হৈ পৰিছে।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী