আজি বিশ্ব আৰ্দ্ৰ ভূমি দিৱস। সমগ্ৰ বিশ্বই ১৯৭১ চনৰ ২ফেব্ৰুৱাৰীৰ পৰা এই দিৱস পালন কৰি আহিছে ।এই দিৱস পালন কৰা অন্যতম উদ্দেশ্য হ’ল আৰ্দ্ৰভূমি গুৰুত্ব বুজি চিনাক্ত কৰা আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা।সাধাৰণতে আৰ্দ্ৰ ভূমি বুলিলে নদী, বিল, জলাশয়, বনাঞ্চল আদিক বুজা যায় ।আধুনিক জীৱন শৈলী তথা চহৰীকৰণৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত আৰ্দ্ৰভূমিৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পাইছে ।যাৰ পৰিপ্ৰেক্ষিতত চৰাই চিৰিকতি, বন্য জীৱ জন্তুৰ আৱাস ভূমিৰ সংখ্যা কমি গৈছে।ই মানৱ সমাজৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।অচিন, মাৰাত্মক নানা বেমাৰে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে।বিশেষকৈ আৰ্দ্ৰভূমি ধবংসই জলবায়ু পৰিৱৰ্তনত প্ৰভাৱ পেলাইছে।প্ৰাচীন কালত হিমালয়ৰ অঞ্চলসমূহ তথা উত্তৰ পূবাঞ্চল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আছিল।নদ নদীৰ, হ্ৰদৰ পানীও আজিৰ তুলনাত অধিক স্বচ্ছ আছিল।উদ্যোগ, বাণিজ্যিক কৰণে প্ৰাকৃতিক পৰিবেশ দূষিত কৰি তুলিলে।এটা বেচৰকাৰী সংস্থাই চলোৱাৰ সমীক্ষাৰ ভিত্তিত মহানগৰীৰ সমীপৱৰ্তী দীপৰ বিল ১০বছৰৰ পূৰ্বতকৈ অধিক প্ৰদূষিত হৈছে ।ইয়াৰ বাবে দায়ী কেৱল মানৱসমাজ, আমি বিচাৰো জলাশয়, বিলবোৰ প্ৰদূষণৰ পৰা মুক্ত হওক।বিভাগীয় কৰ্তৃপক্ষই সমগ্ৰ ব্যৱস্থাটোক গুৰুত্ব দিয়ক।নহ’লে এদিন সকলোবোৰ কিতাপৰ ছবি হৈ ৰ’ব । প্ৰজন্মক ছবি দেখাই ক’ব লাগিব-চোৱা ইয়াত এখন বিল আছিল।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন