ইয়াতকৈ আনন্দৰ কথা কি হ’ব পাৰে যেতিয়া কল্পনাই বাস্তৱত প্ৰাণ পাই উঠে।ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল নহয় ।সেয়েহে মই পাৰ্ট টাইম কেণ্টিনত কাম কৰি ঘৰ চলোৱাৰ উপৰিও মোৰ সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিছিলো।এই মন্তব্য প্ৰসন্ন ডেকাৰ।অলপতে পে’ট্ৰলৰ অবিহনে চলা গাড়ী উদ্ভাৱন কৰি চৰ্চালৈ অহা প্ৰসন্ন ডেকাৰ এয়া মনৰ কথা ।আচলতে কোনো বস্তু উদ্ভাৱন কৰিবলৈ বিশেষ শিক্ষা দিক্ষাৰ প্ৰয়োজন নাই ।প্ৰয়োজন মাথো এটা কল্পনাপ্ৰৱণ মন, সেই কল্পনাক বাস্তৱ ৰূপ দিব পৰা সামৰ্থ্য ।মঙ্গলদৈৰ প্ৰসন্ন ডেকাই ষষ্ঠ শ্ৰেণীৰ পৰা বিভিন্ন বস্তু উদ্ভাৱন কৰি আহিছে ।অৱশ্যে প্ৰচাৰৰ অভাৱৰ পৰিপ্ৰেক্ষিতত সকলোবোৰ তল পৰি ৰৈছে।শেহতীয়াকৈ ৬মাহ জোৰা প্ৰচেষ্টাৰে প্ৰস্তুত কৰা পানীৰ সহায়ত চলিব পৰা গাড়ীৰ বাবে বিশেষ পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ।জানিব পৰা মতে এই বিশেষ গাড়ীখনে ইতিমধ্যে ১৮ কিলোমিটাৰ পথ অতিক্ৰম কৰিছে।গাড়ীখন নিৰ্মাণত ব্যয় হৈছিল প্ৰায় ৮৫হাজাৰ টকা।উল্লেখযোগ্য যে পেলনীয়া সামগ্ৰীৰে গাড়ীখন নিৰ্মাণ কৰিছে।ইতিমধ্যে প্ৰসন্নই আন এবিধ সামগ্ৰী উদ্ভাৱনৰ দিশে অগ্ৰসৰ হৈছে।অৱশ্যে কেনেধৰণৰ সামগ্ৰী উদ্ভাৱন কৰিব এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন