সমাগত আলি আই লৃগাং ।আলি আই লৃগাং হ’ল মিচিং জনজাতিৰ এক কৃষি ভিত্তিক উৎসৱ ।নৈপৰীয়া মিচিংসকলে হেঁপাহৰ উৎসৱটিক উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে ।কিয়নো বুুুধবাৰ সমাগত ,উল্লেখযোগ্য যে আলি আই লৃগাং প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপিত হয়।পৰম্পৰা আৰু ঐতিহ্যক সাক্ষী কৰি নৈপৰীয়া মিচিং সকলে এই উৎসৱ পালনৰ বাবে ব্যস্ত হৈ পৰিছে ।আলি আই লৃগাঙত যুৱক যুৱতী সকলে নৃত্য গীতেৰে উৎসৱৰ আনন্দ প্ৰকাশ কৰে লগতে কিছু পৰম্পৰা পালন কৰে ।ছাই মদ আৰু গাহৰি খোৱা পৰম্পৰা এই উৎসৱৰ লগত সম্পৰ্কিত হৈ আছে।সাধাৰণতে আলি আই লৃগাঙৰ দিনা প্ৰত্যেকজন মিচিং যুৱক যুৱতীয়ে পৰম্পৰাগত সাজপাৰ পৰিধান কৰে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন