সম্পাদনাৰ মেজৰ পৰা

সেই দিনটো মনত পৰিছে। প্ৰায় দুমাহ জোৰা প্ৰস্তুতিৰ অন্তত আৰম্ভ হৈছিল কেৱল ইতিবাচক খবৰে সমৃদ্ধ এন ই ফ’কাচ ডট কম নামৰ নিউজ পৰ্টেলটোৰ। অসমৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ শুভেচ্ছা তথা পৰামৰ্শৰে পৰ্টেলটোক আগবঢ়াই নিয়াৰ বাবে প্ৰয়াস কৰিছিলো। 

প্ৰথম অৱস্থাত ভিজিটৰৰ সিমান সহাঁৰি পোৱা নাছিলো। কেইজনমান বন্ধুৰ মাজতে সীমাবদ্ধ আছিল। লাহে লাহে আমাৰ লিখনিত আপ্লুত হৈ বহুজন এন ই ফ’কাচৰ সংগী হৈ পৰিল। 

কেনে আছিল আমাৰ যাত্ৰা.. আমাৰ দুবছৰীয়া যাত্ৰা খুব সুখকৰ নাছিল। নানা বাধা, বিধিনি সংঘাতে পৰিপূৰ্ণ আছিল। কিন্তু আমাৰ শুভাকাংক্ষী সকলে দিয়া সহাঁৰি আৰু সহযোগিতাই আমাক আগুৱাই যোৱাৰ বাবে অনুপ্ৰেৰণা যোগাইছে। বহুতৰ দাবী আমাৰ খবৰ সমূহ ইংৰাজী ভাষাতো উপলব্ধ হ’ব লাগে। এই ক্ষেত্ৰত জনাও যে বিষয়তো বিবেচনা কৰা হ’ব।

প্ৰিয় পাঠক, ২০১৭-১৮ বৰ্ষত উদ্যমী শিতানত ৭০ জন সফল উদ্যমীৰ কাহিনী সন্নিবিষ্ট কৰা হ’ল। অসমীয়া আঙ্গুৰৰ উদ্ভাৱন, প্ৰতিখন থালিত দৰিদ্ৰজনৰ বাবে ১ টকাকৈ অন্যতম। উল্লেখযোগ্য যে উল্লেখিত দুটা খবৰ exclusive ভাৱে কেৱল এন ই ফ’কাচ ডট কমত প্ৰকাশ পাইছিল। এয়া মাথো দুটা উদাহৰণহে। এতিয়াও বহু বাকী গন্তব্য স্থলীলৈ। পৰ্টেলটোক আগবঢ়াই নিবলৈ বহু আশা আৰু সপোন আছে। ইয়াৰ বাবে আপোনালোকৰ মৰম, সহায় সহযোগিতাৰ বহু প্ৰয়োজন। এন ই ফ’কাচ ডট কমে তৃতীয় বৰ্ষত ভৰি দিয়াৰ প্ৰাক্ ক্ষণত সকলো বন্ধু, সতীৰ্থ, শুভাকাংক্ষীক শুভেচ্ছা জনাইছো। আশা কৰিলো অনাগত দিনতো এনেদৰে সহাঁৰি আগবঢ়াই আমাক উৎসাহিত কৰে।

ধন্যবাদেৰে
সংগীতা শইকীয়া
সম্পাদক

www.nefocus.com