পপ আপ ষ্টৰ মুকলি

দুগৰাকী উদ্যোগী মহিলাৰ এক প্রচেষ্টাৰ ফলস্বৰূপে গুৱাহাটীত পোন প্ৰথমবাৰৰ কাৰণে মুকলি কৰা হ’ল পপ আপ ষ্টৰ। মহানগৰীৰ লেম্ব ৰোডত থকা মাটি চেণ্টাৰত আজি আনুষ্ঠানিকভাবে এই ষ্টৰ মুকলি কৰে জনপ্রিয় লেখক তথা সম্পাদিকা মাইনী মহন্ত আৰু ফেশ্বন ডিজাইনৰ ধীৰাজ ডেকা। উল্লেখযোগ্য যে পাট, মুগা আৰু এৰি কাপোৰত নতুন ধৰণে ডিজাইন কৰি ৰাইজৰ মাজলৈ আগবঢ়াইছে। ২০১২ চনৰ পৰা ফেশ্বনৰ লগত জড়িত হৈ জাহ্ণবী আৰু কৃষ্ণাগী গগৈয়ে আধুনিক ৰূপত পুৰুষ আৰু মহিলাৰ পোচাক প্ৰস্তুত কৰি উলিয়াইছে। কোনো সদাশয় ব্যক্তিয়ে পপ আপ ষ্টৰৰ বিষয়ে সবিশেষ জানিব ইচ্ছা কৰিলে www.jahnabi.in লগ ইন কৰিব পাৰিব।

Comments (0)
Add Comment