অগপক ভোট দিয়া মানে বিজেপিক দিয়া , বিজেপিক দিয়া মানে অগপক ভোট দিয়া, শ্লোগানেৰে গড়ভাঙাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্বাচনী প্ৰচাৰ

অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে পশ্চিম গুৱাহাটীত অগপৰ বৰ্তমানৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰাৰ্থীত্ব আজি আনুষ্ঠানিক ভাৱে ঘোষণা হলেও অনানুষ্ঠানিকভাবে দহদিন আগতেই প্ৰাৰ্থীত্ব নিশ্চিত আছিল কলিতাৰ। যাৰবাবে কলিতাই নিৰ্বাচনী গীত মুকলি কৰাকে ধৰি বিগত চাৰি-পাঁচদিন ধৰি সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাই আহিছিল। ১২ মাৰ্চত পশ্চিম গুৱাহাটীৰ সকলোতকৈ দুৰ্গম আৰু আঁওহতিয়া অঞ্চল হিচাপে পৰিচিত আজাৰা আৰু ৰাণী দুয়োখন গাঁও পঞ্চায়তৰ অধীনৰ অসম-মেঘালয় সীমান্তৰ গড়ভাঙাত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নিৰ্বাচনী প্ৰচাৰ চলায়। এই উপলক্ষে ৩০০ ৰো অধিক লোকৰ উপস্থিতিত গড়ভাঙা ৰাজহুৱা খেলপথাৰ চৌহদত অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মাই আঁত ধৰা সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণত কয়-যিহেতু অগপ আৰু বিজেপি দলে পূৰ্বৰ দৰে মিত্ৰতাৰ বান্ধনৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে সেয়েহে অগপক ভোট দিয়া মানে বিজেপিক দিয়া আৰু বিজেপিক দিয়া মানেই অগপক দিয়া। তেওঁ ২০১৬ চনত সমষ্টিটোত আৰম্ভ কৰা উন্নয়নৰ ধাৰাটোক অব্যাহত ৰখাৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে তেওঁক পুনৰ বিপুল ভোটত ৰাইজে বিজয়ী কৰাব বুলি আশা প্ৰকাশ কৰে । সভাত অগপৰ পশ্চিম গুৱাহাটী সমষ্টি কমিটিৰ সাধাৰণ সম্পাদকদ্বয় ৰাজেন চন্দ্ৰ মেধী আৰু ৰবীন দৈমাৰী, ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰণ, গাওঁ পঞ্চায়তৰ সদস্য দ্বয় ময়ুৰী তুমুং আৰু চানাৰাম তুমুং অগপৰ জিলা কমিটিৰ সম্পাদক পৰেশ বৰুৱাকে ধৰি কেবাজনো নেতা উপস্থিত থাকে।

Comments (0)
Add Comment