অম্বুবাচী মেলাত সেৱা কেন্দ্ৰ মুকলি

অম্বুবাচী মেলা উপলক্ষ্য দেশৰ ভিন্ন প্ৰান্তৰ পৰা দৈনিক হাজাৰ হাজাৰ ভক্ত মা কামাখ্যা মন্দিৰ দৰ্শনৰ উদ্দেশ্যে ৰেলযোগে কামাখ্যা ষ্টেচনত উপস্থিত হয়।ভক্তসকলক সেৱাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও আজি কামাখ্যা ষ্টেচনৰ চৌহদত ভক্তসকলক সেৱাৰ অৰ্থে হেল্ল মা নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত এক সেৱা কেন্দ্ৰ মুকলি হয়।আজি দিনৰ বজাত এই কেন্দ্ৰটো মুকলি কৰে সুমন হৰিপ্ৰিয়াই।এই সন্দৰ্ভত সংস্থাটোৰ সদস্য সকলৰ পৰা জানিব পৰা মতে এই কেন্দ্ৰটোৰ জৰিয়তে কামাখ্যা মন্দিৰলৈ বিনামুলীয়াকৈ বাছ সেৱা ,খাদ্য শিৱিৰ, আশ্ৰয় শিৱিৰ ,চিকিৎসা সেৱাৰ আদিৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰিব।

Comments (0)
Add Comment