অসমত অক্সিজেনৰ কোনো নাটনি নাই-স্বাস্থ্য মন্ত্ৰী

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে।ভেকচিন সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰী গৰাকীয়ে কয় যে অসমত অক্সিজেনৰ কোনো নাটনি নাই।ৰাজ্যত মজুত আছে পৰ্যাপ্ত পৰিমাণে অক্সিজেন।২,৩ মে’লৈ অসমত ভেকচিনৰ নাটনি নহয়।অসমলৈ ইতিমধ্যে ২ লাখ ভেকচিন নতুনকৈ অনা হৈছে আৰু মুঠ ৪ লাখ ভেকচিন বৰ্তমানেও মজুত আছে। ৰাজ্যৰ ক’ভিড ৰোগী সকলৰ বাবে কিছু নিয়ম সাল-সলনি । স্বাস্থ্য বিভাগে ৰোগীক অব্যাহতি দিয়াৰ ক্ষেত্ৰত সলনি কৰিছে কিছু নিয়ম।
লক্ষণবিহীন ৰোগী সকলক ক’ভিড কেয়াৰ চেণ্টাৰত আছুতীয়াকৈ ৰখা হ’ব।৩ দিনলৈ জ্বৰ কাহ আদি লক্ষণে দেখা নিদিলে ঘৰলৈ যাব দিয়াৰ অনুমতি।শৰীৰ অক্সিজেন চেচুৰেশ্যন ৯৪ শতাংশৰ ওপৰত থাকিব লাগিব।আৰ এ টি টেষ্টৰ ফলাফল নিগেটিভ আহিব লাগিব।ঘৰলৈ যাবলৈ অনুমতি দিয়া পাছতো ১০ দিনলৈ হোম কোৱাৰেন্টিনত থাকিব লাগিব।ক’ভিড কেয়াৰ চেণ্টাৰত থকা ৰোগীলৈ দৈনিক ৩০০ টকা আগবঢ়োৱা হ’ব।দেওবাৰৰ পৰা সৰুসজাইত ৪০০ বিচনা মুকলি হ’ব।

Comments (0)
Add Comment