অসম সাহিত্য সভাই অসম আদৰ্শ বিদ্যালয় স্থাপন কৰিব

অসম সাহিত্য সভাই ৰাজ্যখনৰ বিভিন্ন ঠাইত অসম আদৰ্শ বিদ্যালয় স্থাপন কৰিব।অসমীয়া ভাষালৈ যি সময়ত সংকট নামি আহিছে সেই সময়তে অসম সাহিত্য সভাই এইধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।
 
 
জানিব পৰা মতে অসম সাহিত্য সভাই অসমত প্ৰায় ১০০ খন অসম আদৰ্শ বিদ্যালয় স্থাপন কৰিব। এই সম্পৰ্কে প্ৰাক্তন সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে ইতিমধ্যে যোৰহাট, বিশ্বনাথ চাৰিআলি,মায়ং,অভয়াপুৰী, আৰু দৰঙত অসম আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে  অনুমোদন লাভ কৰিছে। জানিব পৰা মতে কুঁহি,পাহি শ্ৰেণী পৰা আৰম্ভ কৰি দ্বাদশ শ্ৰেণীৰ লৈকে অসম সাহিত্য সভাৰ অধীনত থাকিব।অসম আদৰ্শ বিদ্যালয়ত অসমীয়া উপৰিও সংস্কৃত, হিন্দী আৰু পৰৱৰ্তী সময়ত বিদেশী ভাষাও শিক্ষা দিয়া ব্যৱস্থা কৰা হ’ব বুলি প্ৰাক্তন সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে।

Comments (0)
Add Comment