অৰুণাচলৰ কলা কৃষ্টি, ৰন্ধনপ্ৰণালীক ভিডিঅ` বনাব জনপ্ৰিয় ইউটিউবাৰে

অৰুণাচলৰ এজন বিধায়ক লৈ বিতৰ্কিত মন্তব্য কৰা জনপ্ৰিয় ইউটিউবাৰ পাৰস সিঙে ইতিমধ্যে জামিন লাভ কৰিছে। জামিন লাভ কৰিয়েই তেওঁ মন্তব্য কৰিছে যে অৰুণাচলৰ ৰন্ধনপ্ৰণালী কলা-কৃষ্টিক লৈ শীঘ্ৰে ভিডিঅ’ বনাব।আৰু তেওঁ অৰুণাচলত আহি উত্তৰ পূৰ্বৰ সম্পৰ্কে বহু কথা শিকিব পাৰিছো বুলি মন্তব্য কৰিছে।নভবাকৈয়ে অৰুণাচলী মানুহৰ পৰা বহুত আদৰ সাদৰ লাভ কৰিছো বুলি পাৰস সিঙে জানিবলৈ দিছে আৰু তেওঁ ইতিমধ্যে বিধায়ক নিনোং এৰিঙৰ লগতো কথা পাতিছে আৰু তেওঁ পুত্ৰ দৰে ব্যৱহাৰ কৰিছে বুলি জানিবলৈ দিছে ।
সাক্ষাৎকাৰত তেওঁ কয় যে ছাৰে মোক তেওঁৰ নিজৰ পুত্ৰৰ দৰে ব্যৱহাৰ কৰিছিল। তেওঁ কৈছিল যে মই তেওঁৰ পুত্ৰ আৰু তেওঁৰ নাতিৰ বয়সৰ দৰে। মই লজ্জিত হৈছিলো যে মই এই মানুহজনৰ বিষয়ে এনেকুৱা কথা কৈছিলো। মই আন বহুতৰ দৰে নভবাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলো। তেওঁ মোক পুনৰ একে ধৰণৰ ভুল নকৰিবলৈ আহ্বান জনাইছিল । সিঙে লগতে কয় যে তেওঁ অৰুণাচলত প্রথম বাৰৰ বাবে বাঁহ গাজৰ সোৱাদ লৈছে।ইতিমধ্যেই অৰুণাচলৰ সাংসদ কিৰণ ৰিজিজুৱে পাৰস সিঙৰ মন্তব্যৰ এটা ভিডিঅ শ্বেয়াৰ কৰিছে।

Comments (0)
Add Comment