আই পি এছ নিম্বালকৰৰ নেতৃত্বত তিনিচুকীয়া আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ

সমগ্ৰ ভাৰতবৰ্ষ এতিয়া ক’ৰনাৰ কৰাল গ্ৰাসত। ক’ভিডৰ এনে পৰিৱেশত পুনৰবাৰ দূৰত্ব বজায় ৰখা, সঘনাই চাবোনেৰে হাত ধোৱা আৰু বিশেষকৈ মাস্ক ব্যৱহাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। ৰাজ্য চৰকাৰে এনে পৰিস্থিতিত মাস্ক পৰিধান নকৰা লোকক অতি কমেও ১০০০ টকা জৰিমনা বিহিবলৈ নিৰ্দেশ জাৰি কৰিছে। এনে সময়তে যোৱা ২১ এপ্ৰিল ৰ পৰা তিনিচুকীয়া জিলা আৰক্ষীয়ে এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। আৰক্ষী অধীক্ষক আই পি এচ বৈভৱ নিম্বালকৰৰ নেতৃত্বত মানৱীয় দৃষ্টিৰে যোৱা তিনিদিন ধৰি তিনিচুকীয়া নগৰকে ধৰি জিলা খনৰ প্ৰতিখন থানাৰ অন্তৰ্গত প্ৰায়বোৰ অঞ্চলতে বিনামূলীয়াকৈ কেইবাহাজাৰো মাস্ক বিতৰণ কৰি সাধাৰণ জনতাৰ মাজত ব্যাপক সজাগতা অভিযান চলোৱা কাৰ্যক জিলাখনৰ লগতে ৰাজ্যৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।

Comments (0)
Add Comment