আজি ‘ক’ভিড ভেকচিন ল’ব অসম সাহিত্য সভাৰ সভাপতিসহ বিভিন্নজনে

অসম সাহিত্য সভাৰ জাতীয় আদৰ্শ শিক্ষা সংসদৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ অসম সাহিত্য সভাৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ প্ৰশান্তবিশ্ব শৰ্মা ভৱনত ক’ভিড প্ৰতিৰোধ ভেকচিন প্ৰদান কৰিব । জাতীয় আদৰ্শ শিক্ষা সংসদৰ অধ্যক্ষ ডঃ পৰমানন্দ ৰাজবংশী আৰু অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীৰ নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া ভেকচিন প্ৰদান কাৰ্যসূচীত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াকে প্ৰমুখ্য কৰি সভাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া, সদস্য-সদস্যা , কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ বিষয়ববীয়া, সদস্যই কভিড প্ৰতিৰোধী ভেকচিন ল’ব।

Comments (0)
Add Comment