আত্মপ্ৰকাশ হ’ল এটা নতুন ৰাজনৈতিক দল

আজি আনুষ্ঠানিকভাৱে ঘোষণা হ’ল আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন ৰাজনৈতিক দল।এই ৰাজনৈতিক দলটো নাম  অসম জাতীয় পৰিষদ।
 
ৰাজনৈতিক দল গঠনৰ বাবে গঠন কৰি দিয়া আহ্বায়ক সমিতিয়ে বাচনি কৰি উলিয়ায় এই  ৰাজনৈতিক দলৰ নাম।সোমাবাৰে মহানগৰীৰ পানবজাৰস্থিত হোটেল প্ৰাগ কণ্টিনেন্টেলত এই নাম ঘোষণা কৰে আহ্বায়কদ্বয় ক্ৰমে ড° কৃষ্ণগোপাল ভট্টাচাৰ্য্য আৰু ড° বসন্ত ডেকাই।
 
 
যোৱা শনিবাৰে আছু-এজেৱাইচিপিৰ নেতৃত্বই এই দুই আহ্বায়কৰ হাতত পৰামৰ্শ দাতা কমিটিয়ে প্ৰতিবেদনৰ দায়িত্ব অৰ্পণ কৰিছিল।দলটো মুখ্য লক্ষ্য আৰু উদ্দেশ্য হ’ব অসম প্ৰথম সদায় আৰু চিৰদিন। এইদৰে দলটোৰ শ্লোগান হ’ব ঘৰে ঘৰে আমি।
 
আনহাতে আজিৰে পৰা এই দলৰ দলীয় কাম-কাজ আৰম্ভ হ’ব ।কাইলৈ পৰা সদস্য ভৰ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।জোনাই, ধেমাজি দায়িত্ব দিয়া হৈছে আছুৰ সদ্য পদত্যাগী নেতা চিত্ৰৰঞ্জন বসুমতাৰীক। গোলাঘাট,যোৰহাট,বোকাখাত ৰ দলীয় কাম-কাজ চোৱা-চিতা কৰিব ৰাজু ফুকনে। আনহাতে চুতীয়া জাতিৰ সন্মিলনৰ সভাপতি হৰেন চুতীয়াক লক্ষীমপুৰৰ দায়িত্ব দিয়া হৈছে।
 

Comments (0)
Add Comment