আনন্দ ৰাম বৰুৱা বঁটা প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত

অসমীয়া জাতিক বিশ্বৰ সন্মুখত প্ৰতিষ্ঠা কৰা মহান পণ্ডিত আনন্দ ৰাম বৰুৱাই দেখুৱাই থৈ যোৱা আদৰ্শৰে আমাৰ ছাত্ৰ-ছাত্ৰী সকল আগুৱাই যাব লাগিব। মন কৰিলেই চন এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কালি শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰতৰ শ্ৰীমন্ত শংকৰদেৱৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৬,৯৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে।
 
 
 
এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক চেক
আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লগতে ৰাজ্য চৰকাৰে মুঠ ৩৪ কোটি টকা মোকোলাই দিয়ে।কালি অনুষ্ঠানত শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যান চক্ৰৱৰ্তী,মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ,বিধায়িকা আঙুৰলতা ডেকা,ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° মিহিৰকান্তি চৌধুৰী,ৰাকেশ চান্দ জৈন,অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড° দয়ানন্দ বৰগোঁহাই,মাধ্যমিক শিক্ষা সঞ্চালক ফণীন্দ্র জিদোং,প্ৰাথমিক শিক্ষা সঞ্চালিকা বিজয়া চৌধুৰী, এম কে যাদৱ প্ৰমুখ্যে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment