আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা যমুনা বড়োৰ

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয়ৰে পুনৰ এবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে খ্যাতিসম্পন্ন বক্সাৰ অসম কন্যা যমুনা বড়োৱে। আন্তঃৰাষ্ট্ৰীয় ‘এলৰ্ডা কাপ’ত ৰূপৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে।

উল্লেখ্য যে, কাজাখাস্তানৰ ৰাজধানী চহৰ নুৰ চুলতানত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। বক্সিং প্ৰতিযোগিতাখনৰ ৫৪ কেজি শাখাত দূৰ্দান্ত প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰে যমুনাই।

বক্সাৰ গৰাকীৰ এই সফলতাৰ বাবে কাজাখাস্তানত অনুষ্ঠিত এলৰ্ডা কাপত পদক অৰ্জন কৰা যমুনা বড়োক অভিনন্দন জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংহালে। উল্লেখযোগ্য যে কাজাখাস্তানৰ পৰা অহা ৮ জুলাইত দিল্লীত উপস্থিত হ’ব যমুনা বড়ো। তাৰ পৰা দুদিনৰ বাবে স্বগৃহলৈ আহিব বক্সাৰগৰাকী।

Comments (0)
Add Comment