আৱাহন থিয়েটাৰ বাংগালোৰত প্ৰদৰ্শিত হ’ব

সমগ্ৰ ভাৰতৰ ভিতৰতে বিখ্যাত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ ।অসমৰ জনপ্ৰিয় ভ্ৰাম্যমাণ নাট্যগোষ্ঠী আৱাহন থিয়েটাৰে পোনপ্ৰথমবাৰৰ ৰাজ্যৰ বাহিৰত নাট প্ৰদৰ্শন কৰিব।পূব বাংগালোৰত আচাম এচ’চিয়েচনৰ বাংগালোৰ আৰু শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ উদ্যোগত অাৱাহন থিয়েটাৰ ৩খন নাটক মঞ্চস্থ হ’ব ।মকৰা জাল, মাধুৰী মোৰ নাম, মই মাৰ ছোৱালী শীৰ্ষক নাটক তিনিখন ২৬ এপ্ৰিলৰ পৰা ২৮ এপ্ৰিলত মঞ্চস্থ কৰিব । অভিজিৎ ভট্টাচাৰ্যৰ এই তিনিখন নাটকত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।ইতিমধ্যে নাট্যগোষ্ঠীৰ দলটো ৰাওনা হৈছে বুলি জানিব পৰা গৈছে ।

Comments (0)
Add Comment