উখল মাখল পৰিবেশে বিৰাজ কৰিছে কামাখ্যা ধামত

মা কামাখ্যা ধামত এতিয়া উখল -মাখল পৰিবেশ। মত বিশ্বাসত এই সময়ত দেৱী ৰজস্বলা হয় আৰু এই সময়ত দেৱী কামাখ্যাৰ সিদ্ধি লাভ কৰিলে ভক্তৰ মংগল হয়।। পঞ্জিকাৰ তথ্য অনুসৰি ২২জুন শনি বাৰে পুৱতি নিশা ১.৪৬.২২ অম্বুবাচী প্রবৃত্তি হয় আৰু ২৬ তাৰিখ বুধবাৰে দিনৰ ২.১৬ মিনিটত অম্বুবাচী নিবৃত্তি হব যদিও শনিবাৰে পুৱা ৭ বজাতে মন্দিৰৰ মূল দুৱাৰ খুলিব দেৱালয়ৰ দলৈ সমাজে জনাইছে। পূৰ্বৰ দৰে এই বেলিও লাখ লাখ ভক্তৰ সমাগম হৈছে। দেশী বিদেশী পৰ্যটক লোকে লোকাৰণ্য হৈ পৰিছে ।ভক্ত সকললৈ বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান সমূহে খোৱা পানী , খাদ্যৰ যোগান ধৰিছে যাৰ ফলত ভক্ত সকলে খোৱা খাদ্যৰ অভাৱ অনুভৱ কৰিব লগা হোৱা নাই । আনহাতে কামাখ্যা হাইস্কুল প্ৰাংগণত ২৪ ঘণ্টাই অম্বুবাচীৰ আৰম্ভণিৰ দিনৰ পৰাই বিনামূলীয়া পানী যোগান ধৰি আহিছে সমৃদ্ধি নামৰ বেচৰকাৰী সংস্থাটোৱে ।সংস্থাটোৰ এনে পদক্ষেপক শলাগ লৈছে ভক্তগণে।

Comments (0)
Add Comment