ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰাইদেউ জিলাত জৰুৰী সভা

চৰাইদেউ জিলাত সাম্প্ৰতিক ক’ভিড-১৯ ৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন কৰি ৰাখিবৰ উদ্দেশ্যে অনাগত দিনত কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই সকলোবিলাক ব্যৱস্থা আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা উদ্দেশ্যে আজি চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগুৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন জৰুৰী সভা অনুষ্ঠিত হৈ যায়।উক্ত সভাত জিলা প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকলৰ উপৰিও আৰক্ষী প্ৰশাসন, জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। সভাত সদৰি কৰা অনুসৰি আগন্তুক ৭ দিনত ক’ভিড-১৯ ৰ সকলোবিলাক নীতি-নিয়ম কঠোৰভাৱে বলৱৎ কৰাৰ উদ্দেশ্যে চৰাইদেউ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে যৌথভাৱে জিলাখনৰ বিভিন্ন অঞ্চলত ক’ভিড-১৯ ৰ পৰীক্ষা আৰু মাস্ক নিপিন্ধা ব্যক্তিৰ ওপৰত জৰিমনাৰ বিহাৰ ব্যৱস্থা কৰিব।সভাত আলোচনা কৰা অনুসৰি অসম- অৰুণাচল সীমান্তৰ কানুবাৰী আৰু অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত ক’ভিড-১৯ ৰ পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ইয়াৰ উপৰিও বিশেষভাৱে দৈনিক আৰু সাপ্তাহিক বজাৰ সমূহত মাস্ক পৰিধান নকৰা আৰু ক’ভিড-১৯ প্ৰট’কল মানি নচলা ব্যক্তিৰ ওপৰত বিহিত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Comments (0)
Add Comment