কাইলৈ পৰা অনুষ্ঠিত হ’ব জোনবিল মেলা

৪০০ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি কাইলৈ পৰা অনুষ্ঠিত হ’ব জোনবিল মেলা।উল্লেখযোগ্য যে এই মেলাত বিনিময়ত প্ৰথাৰে সা-সামগ্ৰী ক্ৰয় হয়।ইতিমধ্যে জোনবিল মেলা উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে।মেলা পৰিচালনা সমিতিয়ে পূৰ্বতকে পৰিসৰ বঢ়াই নতুনকৈ ঠাই মুকলি কৰিছে যাতে বহু মানুহৰ সমাগম হ’লেও কোনো ভিৰ পৰিলক্ষিত নহয়।আনহাতে মাস্ক পৰিধান কৰাটো অনুৰোধ জনাইছে।ইতিমধ্যে পৰিচালনা সমিতি সদস্য আৰু স্বেচ্ছাসেৱকসকলৰ ক’ভিড পৰীক্ষা কৰা হৈছে।
শেষৰ দিনৰ কুকুৰা যুঁজৰ লগতে মাছ ধৰা পৰ্ব অনুষ্ঠিত হ’ব ।উল্লেখযোগ্য যে সেইদিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকি ১৮ গৰাকীকৈ ৰজাক ১ লাখ টকাকৈ ৰাজভাট্ৰা প্ৰদান কৰিব।

Comments (0)
Add Comment